২০২১ৰ মাৰ্চত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ! টোপনি নোহোৱা হৈছে বহু ৰথী-মহাৰথীৰ

News18 Assam | News18-Assam
Updated:September 9, 2020, 5:42 PM IST
২০২১ৰ মাৰ্চত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ! টোপনি নোহোৱা হৈছে বহু ৰথী-মহাৰথীৰ
নিৰ্বাচনলৈ মাজত মাত্ৰ ছটা মাহ বাকী ৷ ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে দেশৰ নিৰ্বাচন আয়োগে ইংগিত দিলে যে, ২০২১ৰ মাৰ্চৰ ভিতৰত হ'ব সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ৷

নিৰ্বাচনলৈ মাজত মাত্ৰ ছটা মাহ বাকী ৷ ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে দেশৰ নিৰ্বাচন আয়োগে ইংগিত দিলে যে, ২০২১ৰ মাৰ্চৰ ভিতৰত হ'ব সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ৷

  • Share this:
নিৰ্বাচনলৈ মাজত মাত্ৰ ছটা মাহ বাকী ৷ ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে দেশৰ নিৰ্বাচন আয়োগে ইংগিত দিলে যে, ২০২১ৰ মাৰ্চৰ ভিতৰত হ'ব সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ৷ আৰু ইয়াৰ পিছতে হ’ব বিধানসভা নিৰ্বাচন।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ গাইড লাইন মতে, ২০০১ৰ লোকপিয়লৰ ভিত্তিত হ'ব এই পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৷ লগতে ২০১১ৰ লোকপিয়লৰ মতে হ'ব ST আৰু SCৰ আসনৰ সংৰক্ষণ ৷ এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ত এতিয়া টোপনি নোহোৱা হৈছে বহু ৰথী-মহাৰথীৰ ৷ সমষ্টি হেৰুৱাৰ ভয়ত কম্পমান বহু বিধায়ক ৷ আশংকা কৰা হৈছে সংখ্যালঘূ অধ্যুষিত বহু সমষ্টিত পৰিব ইয়াৰ ব্যাপক প্ৰভাৱ ৷ বৰাকৰ বহু সমষ্টি নতুনকৈ গঠিত হ'ব ৷ নামনিৰ গৰিষ্ঠসংখ্যক সমষ্টিও পৰিব আওতাত।

নিৰ্বাচন আয়ুক্তই ২০২১ৰ মাৰ্চত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বুলি ইংগিত দিয়াৰ পিছত AIUDFএ বিৰোধিতা কৰিছে ৷ ২০২১ৰ লোকপিয়লৰ পিচতহে AIUDFএ বিচাৰিছে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ।

AIUDFৰ বিধায়িনী দলৰ দলপতি হাফিজ বছিৰে দাবী কৰা মতে- BJPএ ততাতৈয়াকৈ কৰিব বিচাৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণ।

ইপিনে বন তথা আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক চৰকাৰে সহযোগ কৰিব বুলি জানিবলৈ দিয়ে। কিন্তু ইমান কম সময়ৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণ সম্ভৱ হৈ উঠিবনে নাই, সেই ক্ষেত্ৰত সন্দেহ আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লে বহু মন্ত্ৰী-বিধায়কে হেৰুৱাব নিজৰ সমষ্টি ৷
Published by: Himangshu Bhuyan
First published: September 9, 2020, 5:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি