আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ!

কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ-পূৱৰ চাৰি ৰাজ্যৰ বিধানসভা তথা লোকসভা সমষ্টি সমূহ পুনৰ নিৰ্ধাৰণ কৰিবলৈ তৎপৰ হৈছে।
কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ-পূৱৰ চাৰি ৰাজ্যৰ বিধানসভা তথা লোকসভা সমষ্টি সমূহ পুনৰ নিৰ্ধাৰণ কৰিবলৈ তৎপৰ হৈছে।
- News18 Assam
- Last Updated: August 27, 2020, 4:32 PM IST
দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিক কাকতত উল্লেখ কৰা মতে, এই প্ৰক্ৰিয়া সুচল কৰাৰ উদ্দেশ্যে আইনখন সংশোধন ঘটাবলৈ ইতিমধ্যে গৃহ মন্ত্ৰণালয়ৰ পৰামৰ্শ মৰ্মে আইন মন্ত্ৰণালয় আগবাঢ়িছে। এই সন্দৰ্ভত আইন মন্ত্ৰণালয়ে নিৰ্বাচন আয়োগৰ পৰাও প্ৰয়োজনীয় সন্মতি লাভ কৰা বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে ‘Delimitation Act 2002’ৰ যোগেদি প্ৰায় দুই দশক পূৰ্বেই সমগ্ৰ দেশত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈ গৈছিল। কিন্তু বাদ পৰি ৰৈছিল উত্তৰ পূৱৰ চাৰি ৰাজ্য ক্ৰমে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ড। অসমৰ বেলিকা স্থানীয় সকলো ৰাজনৈতিক দলে ইয়াৰ বিৰোধিতা কৰাত ‘Representation of Peoples Act 1950’ত 8Aৰ সংযোজন ঘটাই এই কাম বন্ধ ৰখা হৈছিল আৰু ভৱিষ্যতে এই কাম কৰিবলৈ নিৰ্বাচন আয়োগক কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। সেয়েহে কেন্দ্ৰৰ কাৰণে 8A থকালৈকে অসমত (আন তিনি ৰাজ্যটো) সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰাটো সম্ভৱপৰ নাছিল।