• Home
  • »
  • News
  • »
  • assam
  • »
  • Rambutan: থাইলেণ্ডৰ সু-স্বাদু 'ৰামবুটান'ৰ খেতি অসমৰ কৃষকৰ, ৰোগ প্ৰতিৰোধী তথা স্বাস্থ্যৰ বাবে উপকাৰী এই ফল

Rambutan: থাইলেণ্ডৰ সু-স্বাদু 'ৰামবুটান'ৰ খেতি অসমৰ কৃষকৰ, ৰোগ প্ৰতিৰোধী তথা স্বাস্থ্যৰ বাবে উপকাৰী এই ফল

এবিঘা মাটিত ১০০ জোপা ৰামবুটান ফলৰ গছ ৰোপণ কৰিলে তিনি বছৰ পিছতে কৃষকে বছৰি আঢ়ৈৰ পৰা তিনি লাখ টকা উপাৰ্জন কৰিব পাৰে ৷

এবিঘা মাটিত ১০০ জোপা ৰামবুটান ফলৰ গছ ৰোপণ কৰিলে তিনি বছৰ পিছতে কৃষকে বছৰি আঢ়ৈৰ পৰা তিনি লাখ টকা উপাৰ্জন কৰিব পাৰে ৷

এবিঘা মাটিত ১০০ জোপা ৰামবুটান ফলৰ গছ ৰোপণ কৰিলে তিনি বছৰ পিছতে কৃষকে বছৰি আঢ়ৈৰ পৰা তিনি লাখ টকা উপাৰ্জন কৰিব পাৰে ৷

  • Share this:

থাইলেণ্ডৰ এবিধ বিশেষ ফল ৷ নাম হৈছে 'ৰামবুটান' (Rambutan) ৷ অসমৰ গোৱালপাৰাত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে এই ৰামবুটানৰ খেতি ৷ বিভিন্ন ৰোগ প্ৰতিৰোধী এই ফলবিধৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন ৰচিছে দুধনৈৰ নিকটৱৰ্তী বাকাইটাৰী গাঁৱৰ কংকন শৰ্মা নামৰ এগৰাকী কৃষক ৷


শ্ৰীলংকা, ইণ্ডোনেছিয়া, মালয়েছিয়াত প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা ৰামবুটান নামৰ ফলবিধৰ খেতি পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে অসমৰ গোৱালপাৰাত ৷ ভিটামিন C আৰু পটাচিয়াম যথেষ্ট পৰিমাণে থকা এই ঔষধিগুণযুক্ত ফলবিধে মেদবহুলতা নিয়ন্ত্ৰণ কৰাৰ লগতে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাৰ বাবেও ই উপকাৰী হয় ৷


অসমত এতিয়া এখন ভাল বজাৰ লাভ কৰা এই ৰামবুটানৰ খেতি কিন্তু ভালদৰে এতিয়াও কৰিবলৈ লোৱা নাই অসমৰ কৃষকসকলে। এবিঘা মাটিত ১০০ জোপা ৰামবুটান ফলৰ গছ ৰোপণ কৰিলে তিনি বছৰ পিছতে কৃষকে বছৰি আঢ়ৈৰ পৰা তিনি লাখ টকা উপাৰ্জন কৰিব পাৰে ৷ অসমৰ বজাৰত প্ৰতি কিলো ৰামবুটান ফলৰ মূল্য ৩৫০ ৰ পৰা ৪০০ টকা ৷ দুধনৈৰ নিকটৱৰ্তী বাকাইটাৰী গাঁৱৰ কংকন শৰ্মা নামৰ কৃষকগৰাকীয়ে কেৰালাৰ পৰা এই ফলবিধৰ বীজ ক্ৰয় কৰি ২০১৭ চনতে ৰোপণ কৰিছিল ৷


এতিয়া এই ৰামবুটানৰ ফল বিক্ৰীৰ বাবে সাজু হৈছে কৃষকগৰাকী ৷ কংকন শৰ্মাই অসমৰ যুৱ কৃষকসকলকো আহ্বান জনাই এই নতুন ফলবিধৰ খেতি কৰাৰ বাবে। অতি কম কষ্টৰে কম সময়ৰ ভিতৰতে স্বাৱলম্বী হোৱাৰ সম্ভাৱনা আছে এই খেতিত। অসমৰ জলবায়ু এই ফলবিধৰ বাবে উপযোগী, সেয়ে কৃষি বিভাগে যদি এই ৰামবুটান খেতিৰ ওপৰত গুৰুত্ব দিয়ে তেন্তে অসমৰ কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি কংকন শৰ্মাই কয়।


অসমৰ অতি জনপ্ৰিয় ফল লিচুৰ সৈতে মিল থকা ফলবিধৰ সোৱাদো মিঠা ৷ কোনো কৃষকে যদি এই ৰামবুটানৰ খেতি কৰিবলৈ ইচ্ছুক হয়, তেন্তে কংকন শৰ্মাৰ পৰাও পুলি ক্ৰয় কৰিব পাৰিব ৷ অসমৰ বাবে নতুন এই বিদেশী ফলবিধৰ খেতিৰে অসমত এক নতুন কৃষি বিপ্লৱৰ সূচনা কৰাৰ সপোন দেখিছে কংকন শৰ্মাই৷

Published by:Gautam Barman
First published: