‘Off the record'ত বিশ্বাস নকৰা বিৰল নেতা তৰুণ গগৈ আছিল সাংবাদিকৰ কাৰণে বাতৰিৰ কাৰখানা

মুখ্যমন্ত্ৰী হৈ থকাৰ কালছোৱাত তেওঁ সঘনাই দিল্লীলৈ আহিছিল। আৰু সংবাদ মেল সম্বোধন নকৰাকৈ কেতিয়াও তেওঁ উভতি যোৱা নাছিল।
মুখ্যমন্ত্ৰী হৈ থকাৰ কালছোৱাত তেওঁ সঘনাই দিল্লীলৈ আহিছিল। আৰু সংবাদ মেল সম্বোধন নকৰাকৈ কেতিয়াও তেওঁ উভতি যোৱা নাছিল।
- News18 Assam
- Last Updated: November 24, 2020, 4:00 PM IST
২০০১ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতো দিল্লীৰ মোহ এৰিব পৰা নাছিল। মুখ্যমন্ত্ৰী হৈ থকাৰ কালছোৱাত তেওঁ সঘনাই দিল্লীলৈ আহিছিল। আৰু সংবাদ মেল সম্বোধন নকৰাকৈ কেতিয়াও তেওঁ উভতি যোৱা নাছিল। অসমৰ সংবাদ মাধ্যমৰ দিল্লীস্থিত সাংবাদিক সকলৰ সদ্যপ্ৰয়াত গগৈৰে সৈতে আছে অলেখ অভিজ্ঞতা।
আছাম ট্ৰিবিউনৰ দিল্লীৰ জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাই তৰুণ গগৈক স্মৰণ কৰি কয় – দিল্লী আছিল তেওঁৰ দ্বিতীয়খন ঘৰ। সুদীৰ্ঘ ৩০ বছৰ কাল দিল্লীত থাকি তেওঁৰ সকলো দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰে মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল। সেয়ে অসমত কংগ্ৰেছৰ চৰকাৰ চলাই থাকোতেও তেওঁ কেন্দ্ৰত থকা বিজেপি চৰকাৰৰ পৰা অনায়াসে অনুদান লৈ যাব পাৰিছিল।
উল্লেখযোগ্য যে দিল্লীলৈ সদায় তেওঁ যাত্ৰীবাহী বিমানতে উৰা মাৰিছিল। বিমানত উঠিয়েই তেওঁ স্বভাৱসুলভ হাঁহিৰে আন যাত্ৰীসকলক সম্বোধন জনাইছিল। যাত্ৰীসকলৰ লগত কথা বতৰাত মচগুল হৈ ২-৩ ঘণ্টাৰ বাট পাৰ কৰিছিল। কেতিয়াবাহে এৰাব নোৱাৰা পৰিস্থিতিত পৰিলে তেওঁ Chartered বিমানৰ সেৱা গ্ৰহণ কৰিছিল। দেখা যায় সাধাৰণ ৰাইজৰে মত বিনিময় কৰাৰ কোনো সুযোগ তেওঁ এৰি দিয়া নাছিল।
নিয়মীয়া বার্তাৰ দিল্লীৰ জ্যেষ্ঠ সাংবাদিকক কল্লোল ভৌমিকে তৰুণ গগৈক এজন সঁচা অৰ্থত গণতন্ত্ৰত বিশ্বাসী নেতা হিচাপে অভিহিত কৰিছে। ভৌমিকে কয় – প্ৰতিবাদৰ ভাষাক তেওঁ কাহানিও আওকাণ কৰা নাছিল। প্ৰতিবাদী সংগঠনৰে সদায় তেওঁ কথা বতৰা পতাত জোৰ দিছিল। তেনে ধৰণে তেওঁ অসমৰ বহু মৌলিক সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰিব পাৰিছিল।
প্ৰতিদিন টাইমৰ দিল্লীস্থিত সাংবাদিক প্ৰাঞ্জল দাসে কয় - ‘Off the record'ত বিশ্বাস নকৰা বিৰল নেতা তৰুণ গগৈ আছিল সাংবাদিকৰ কাৰণে বাতৰিৰ কাৰখানা। তেওঁ কেতিয়াও সাংবাদিকৰ শ্ৰেণী বিভাজন কৰা নাছিল। এজন internয়ে তেওঁৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিব পাৰিছিল। দাসে লগতে কয় – দিল্লীৰ সাংবাদিকসকলৰে তেওঁৰ সম্পৰ্ক যথেষ্ট professional আছিল যদিও কিন্তু আন্তৰিকতা পূৰ্ণ আছিল। তেওঁৰ ৰাজহুৱা জীৱন অতি স্বচ্ছ আছিল।
কেৱল সাংবাদিকেই নহয় তেওঁ স্বভাৱসুলভ হাঁহিটো আৰু বাক্যবাণবোৰে ৰাজনৈতিক কার্টুনিষ্ট, কৌতুক অভিনেতা আদিকো সমল দিছিল। ৮০০ কোটি টকাৰ ঘাটি বাজেটৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ ৮ বছৰত ৰাহি বাজেটৰ পৰ্যায়লৈ লৈ যোৱা এনে নেতা ইতিহাসত বিৰল।