হাতে-হাতে কিতাপ লৈ পৰীক্ষাত বহিল দিল্লী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী

News18 Assam | News18-Assam
Updated:August 10, 2020, 10:33 PM IST
হাতে-হাতে কিতাপ লৈ পৰীক্ষাত বহিল দিল্লী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী
অৱশেষত সোমবাৰৰ পৰা দিল্লী বিশ্ববিদ্যালয়ে স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সমূহ আৰম্ভ কৰিছে।

অৱশেষত সোমবাৰৰ পৰা দিল্লী বিশ্ববিদ্যালয়ে স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সমূহ আৰম্ভ কৰিছে।

  • Share this:
অৱশেষত সোমবাৰৰ পৰা দিল্লী বিশ্ববিদ্যালয়ে স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সমূহ আৰম্ভ কৰিছে। কিন্তু এইবাৰ ঘৰতে বহি হাতত কিতাপ লৈ পৰীক্ষাত বহিছে ছাত্ৰ ছাত্ৰী সকল। Covid-19 মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ ফলত ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দিল্লী বিশ্ববিদ্যালয়ে আজিৰ পৰা আৰম্ভ কৰিছে ‘Online Open Book Examination’। ছাত্ৰ ছাত্ৰী সকলক এই অভিনৱ পৰীক্ষা পদ্ধতিৰে পৰিচয় কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দুবাৰকৈ ‘mock test’ও অনুষ্ঠিত কৰিছে ।

উল্লেখযোগ্য যে, যোৱা আগষ্টৰ ৭ তাৰিখে দিল্লী উচ্চ ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰি বিশ্ববিদ্যালয়খনক এনেধৰণৰে পৰীক্ষা পাতিবলৈ অনুমতি প্ৰদান কৰে। উচ্চ ন্যায়ালয়ে প্ৰশ্নকাকত ছাত্ৰ ছাত্ৰীক ই-মেইলৰ মাধ্যমৰে প্ৰেৰণ কৰিবলৈ আৰু শিক্ষাৰ্থীয়ে উত্তৰ-বহী আপলোড কৰাৰ পাছত পুনৰ ই-মেইল যোগে প্ৰাপ্তি-স্বীকাৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে আনকি পৰীক্ষাৰ্থীক উত্তৰ-বহী যথাস্থানত আপলোড কৰাৰ বাবে অতিৰিক্ত সময় প্ৰদান কৰিবলৈ বিশ্ববিদ্যালয়ো কৰ্তৃপক্ষক নির্দেশ দিয়ে। প্ৰায় ২০ দিন ধৰি এই পৰীক্ষা চলি থাকিব আৰু শেষত বিশ্ববিদ্যালয়ে উচ্চ ন্যায়ালয়ক এক প্ৰতিবেদনো দাখিল কৰিব লাগিব।
Published by: Himangshu Bhuyan
First published: August 10, 2020, 6:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading