'এক ভাৰত শ্ৰেষ্ঠ ভাৰত যুৱ সংগম' (Ek Bharat Shreshtha Bharat Yuva Sangam) কাৰ্য্যসূচীৰ অধীনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী Jawaharlal Nehru University (JNU) Delhi, দিল্লী বিশ্ববিদ্যালয় (Delhi University), ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (Indira Gandhi National Open University) আৰু ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয় (Indraprastha University) ৰ পৰা অহা ৫০ জন ছাত্ৰ আৰু ০৫ জন অধ্যাপক সদস্যৰে গঠিত এটা প্ৰতিনিধি দল আজি এন আই টি শিলচৰ (NIT Silchar) চৌহদত উপস্থিত হয়। দলটোক বদৰপুৰ ৰেলৱে ষ্টেচন আৰু এন আই টি শিলচৰত NIT Silchar ৰ প্ৰশাসনে উষ্ম আদৰণি জনায়।
এই বিশেষ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত যুৱ সংগম’ কাৰ্যসূচীৰ বাবে শিক্ষা মন্ত্ৰালয়ৰ হৈ NIT শিলচৰ আৰু JNU দিল্লী হৈছে ন’ডেল এজেন্সী। অসমৰ চহকী সংস্কৃতি আৰু পৰম্পৰা বুজিবলৈ প্ৰতিনিধি সদস্যসকলে অহা ৩১ মাৰ্চৰ পৰা ৫ এপ্ৰিল, ২০২৩লৈ অসমত থাকিব।
এই ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশৰ যুৱক-যুৱতীসকলক বিভিন্ন ৰাজ্যৰ সংস্কৃতি, পৰম্পৰা, জাতি-জনগোষ্ঠী আৰু পৰিবেশ বুজিবলৈ আৰু তেওঁলোকৰ মূল্যবোধৰ আদান-প্ৰদানত নিয়োজিত হৈ এখন প্ৰগতিশীল দেশ গঢ়ি তোলাৰ এক সমৃদ্ধিশালী অভিজ্ঞতা প্ৰদান কৰা। এই ভ্ৰমণৰ লক্ষ্য হৈছে পৰ্যটন, পৰম্পৰা, উন্নয়ন, প্ৰযুক্তি আৰু পিপল- টু-পিপল কানেক্ট (পৰস্পৰ সংস্পৰ্শ) প্ৰচাৰ কৰা। এই ভ্ৰমণৰ অংশ হিচাপে প্ৰতিনিধি দলটোৱে জালিংগ চাহ বাগিচা, বৰাইল ইক’-পাৰ্ক, শিলচৰৰ সোণবিল, সংলগ্ন জিলাসমূহ, কৰিমহঞ্জ, হাইলকান্দি, হাফলং আৰু গুৱাহাটী ভ্ৰমণ কৰিব।
দিল্লীৰ পৰা অহা ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক প্ৰতিনিধি দলটোক আদৰণি জনাই NIT শিলচৰৰ সঞ্চালক অধ্যাপক ৰজত গুপ্তাই কয়, "দিল্লী আৰু NIT শিলচৰৰ দৰে উচ্চ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে ‘ইউনিটি ইন ডাইভাৰচিটি’ (Unity in Diversity) ৰ পৰিসৰৰ ভিতৰত 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত যুৱ সংগম'ৰ অধীনত সাংস্কৃতিক পৰিৱেশ বুজি পোৱাৰ এক অনন্য সুযোগ '। বিশেষকৈ এই পদক্ষেপ যুৱক-যুৱতীসকলৰ বাবে জীৱন আৰু উন্নয়নৰ বহুমাত্ৰিক দিশসমূহৰ এক নিমজ্জিত অভিজ্ঞতা লাভ কৰাৰ এক জীৱন সমৃদ্ধিশালী সুযোগ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ষ্টুয়াৰ্ডশ্বিপত এই অনন্য পদক্ষেপৰ অংশ হ’বলৈ পাই আমি এন আই টি শিলচৰ কৃতজ্ঞ হৈছো।”
এন আই টি শিলচৰৰ পঞ্জীয়ক অধ্যাপক কে এল বৈষ্ণবে দিল্লীৰ পৰা অহা যুৱ দলটোক আৰু দলটোৰ লগত অহা আন প্ৰতিনিধিসকলক আদৰণি জনাই কয় যে, “এনে ভ্ৰমণে দেশৰ যুৱক-যুৱতীসকলক ইজনে সিজনক বুজি পোৱাৰ লগতে যুৱক-যুৱতীসকলক একত্ৰিত কৰাৰ এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব জাতি গঠন প্ৰক্ৰিয়াটো অধিক অন্তৰ্ভুক্তভাৱে।”
এন আই টি শিলচৰৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ সহযোগী অধ্যাপক ড০ বিপ্লৱ দাসে এন আই টি শিলচৰৰ হৈ কাৰ্যসূচী সমন্বয়ক হিচাপে কাম কৰিব আৰু ভ্ৰমণৰ সমগ্ৰ সময়ছোৱাত দিল্লী যুৱ দল আৰু অধ্যাপক প্ৰতিনিধি দলটোক মেণ্টৰিং কৰিব।
‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত যুৱসংগম’ উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ যুৱক-যুৱতী আৰু ভাৰতৰ বাকী অংশৰ মাজত এক আন্তঃসম্পৰ্ক স্থাপনৰ আকাংক্ষা। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ ১১খন উচ্চ শিক্ষানুষ্ঠান আৰু পাৰস্পৰিক ভ্ৰমণৰ বাবে সংযুক্ত হৈ থকা দেশৰ বাকী অংশৰ ১৪খন শিক্ষানুষ্ঠানক লৈ আয়োজন কৰা হৈছে।

এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত এন আই টি শিলচৰৰ সমন্বয়ত অসমৰ যুৱক-যুৱতীৰ এটা দলে ফেব্ৰুৱাৰী-মাৰ্চ-২০২৩ মাহত জে এন ইউ দিল্লী আৰু ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষক প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান (National Institute of Technical Teachers Training and Research) চণ্ডীগড় ভ্ৰমণ কৰে।
NIT শিলচৰেও NITTTR চণ্ডীগড়ৰ নেতৃত্বত চণ্ডীগড়ৰ যুৱক-যুৱতীসকলক সফলতাৰে আতিথ্য প্ৰদান কৰি সমগ্ৰ অসম ভ্ৰমণৰ সমন্বয় সাধন কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : March 31, 2023, 18:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।