দলে বলে বিজেপিলৈ ঢাপলি শ্বাহীন বাগৰ CAA বিৰোধী প্ৰতিবাদকাৰীৰ 

News18 Assam | News18-Assam
Updated:August 17, 2020, 6:44 PM IST
দলে বলে বিজেপিলৈ ঢাপলি শ্বাহীন বাগৰ CAA বিৰোধী প্ৰতিবাদকাৰীৰ 
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশতে গঢ় লৈ উঠা প্ৰতিবাদৰ কেন্দ্ৰবিন্দু দিল্লীৰ শ্বাহীন বাগৰ এতিয়া অৰ্ধ-শতাধিক মুছলমান আৱাসী বিজেপিমুখী।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশতে গঢ় লৈ উঠা প্ৰতিবাদৰ কেন্দ্ৰবিন্দু দিল্লীৰ শ্বাহীন বাগৰ এতিয়া অৰ্ধ-শতাধিক মুছলমান আৱাসী বিজেপিমুখী।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশতে গঢ় লৈ উঠা প্ৰতিবাদৰ কেন্দ্ৰবিন্দু দিল্লীৰ শ্বাহীন বাগৰ এতিয়া অৰ্ধ-শতাধিক মুছলমান আৱাসী বিজেপিমুখী। দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তাই দেওবাৰে জনোৱা মতে, অতি কমেও ১০০ জন মুছলমান সম্প্ৰদায়ৰ লোকে বিজেপিত যোগদান কৰিছে। প্ৰধানমন্ত্ৰীৰ সকলো সম্প্ৰদায়ৰ লোককে সমানুপাতিক দৃষ্টিভংগী প্ৰদান কৰাৰ নীতি আৰু ট্ৰিপল তালাকক আইন প্ৰণয়ন কৰি অন্ত পেলোৱাৰ কার্যই এই সকল লোকক আকৃষ্ট কৰিছে বুলি জানিবলৈ দিয়ে গুপ্তাই ।

আনহাতে বিজেপি নেতা নিঘাত আব্বাছে জনোৱা মতে – ১০০ জনৰ ৫০ জনেই শ্বাহীন বাগৰ আৱাসী। বাকী সকলৰ দাঁতি-কাষৰীয়া ওখলা আৰু নিজামুদ্দিনৰ বুলি তেওঁ কয়। দেওবাৰে দিল্লীত হোৱা এক অনুষ্ঠানত এই সকলে বিজেপিত যোগদান কৰে।

গেৰুৱা দলটোত যোগদান কৰা সকলৰ ভিতৰত অন্যতম হৈছে ছাহজাদ আলী। আলীয়ে শ্বাহীন বাগত CAA-NRC-NPRৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। বিজেপিত অংশগ্ৰহণ কৰি আলীয়ে কয় – “প্ৰতিবাদকাৰী সকলে বিচাৰিছিল চৰকাৰৰ প্ৰতিনিধি তেওঁলোকৰ ওচৰলৈ আহক আৰু CAAক লৈ উদ্ভৱ হোৱা শংকা দূৰ কৰক। এতিয়া মই দলৰ মজিয়াত এই শংকা ব্যক্ত কৰিম।“
Published by: Himangshu Bhuyan
First published: August 17, 2020, 6:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading