কোনোদিনে নেদেখা অসমৰ বানক লৈ ব্যথিত, দিল্লীৰ বয়োজ্যেষ্ঠ ব্যক্তিয়ে আগবঢ়ালে ২৫হাজাৰ টকা

টিভিত অসমৰ বানৰ ছবিয়ে অন্তৰত আঘাত দিছিল নৰেন্দ্ৰ শ্যালক।

News18-Assam
Updated:July 30, 2019, 1:24 PM IST
কোনোদিনে নেদেখা অসমৰ বানক লৈ ব্যথিত, দিল্লীৰ বয়োজ্যেষ্ঠ ব্যক্তিয়ে আগবঢ়ালে ২৫হাজাৰ টকা
টিভিত অসমৰ বানৰ ছবিয়ে অন্তৰত আঘাত দিছিল নৰেন্দ্ৰ শ্যালক।
News18-Assam
Updated: July 30, 2019, 1:24 PM IST
পাৰ্থজ্যোতি বৰা, নতুন দিল্লী: অসমৰ বানে কৰিছে ব্যথিত। দিল্লীৰ ৮৫ বছৰীয়া বয়োজ্যেষ্ঠই অসমৰ বান পীড়িতলৈ আগবঢ়ালে ২৫ হাজাৰ টকা।

আমিও ভাৰতীয় আৰু অসমীয়া সকলো ভাৰতীয়; তেওঁলোক আমাৰেই ভাই ভনী; আমি তেওঁলোকক সহায় নকৰিলে কোনে কৰিব?


অসমৰ বানলৈ সাহায্য আগবঢ়াই এই মন্তব্য নৰেন্দ্ৰ শ্যালৰ।

কোনো কালে অসমলৈ নোযোৱা অসমৰে কোনো সংযোগ নথকা এজন ব্যক্তিয়ে ২৫হাজাৰ টকা বান সাহায্য ৰূপে আগবঢ়োৱা কাৰ্যই প্ৰশংসা বুটলিছে।

দিল্লীৰ অল্ড ৰাজিন্দৰ নগৰৰ নিৱাসী নৰেন্দ্ৰ শ্যাল । ৮৫ বছৰত ভৰি দিয়া শ্যাল কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত চাকৰিয়াল । টিভিৰ যোগেদি দেখা পোৱা অসমৰ বানৰ বিভীষিকাই প্ৰভাৱিত কৰিছে শ্যালক আৰু সেয়ে আগবাঢ়ি আহিছে অসমৰ বান পীড়িতক সহায় কৰিবলৈ । মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত শ্যালে জমা কৰিব নিজৰ সাঁচতীয়া ধন।
আৰু চাওক পৰৱৰ্তী বাতৰি