
Go Air Flight Windshield cracked: ঘটনাৰ লগে লগে ফ্লাইটখনত সৃষ্টি হৈছিল এক হুলস্থলীয়া পৰিৱেশৰ।
Go Air Flight Windshield cracked: ঘটনাৰ লগে লগে ফ্লাইটখনত সৃষ্টি হৈছিল এক হুলস্থলীয়া পৰিৱেশৰ।
দিল্লীৰ পৰা গুৱাহাটী অভিমুখি Go Air বিমানৰ ভাঙিল উইণ্ড শ্বীল্ড। আকাশমাৰ্গতে এই দুৰ্ঘটনা সংঘটিত হোৱাত বিমানখনত থকা ৩০০ যাত্ৰীৰ মাজত লাগে হাহাকাৰ। জানিব পৰা মতে উইণ্ড শ্বীল্ড ভঙাৰ লগতে মাজ আকাশতে বিমানখনৰ ইঞ্জিনতো বিসংগতিয়ে দেখা দিছিল।
বিমানখনত আছিল হোজাই জিলাৰ অগপৰ সভাপতি ৰেজাউল কৰিম চৌধুৰীৰ পৰিয়ালৰ ৫ সদস্যসহ ৩০০ যাত্ৰী। ঘটনাৰ লগে লগে ফ্লাইটখনত সৃষ্টি হৈছিল এক হুলস্থলীয়া পৰিৱেশৰ।
কিন্তু বতৰ ডাৱৰীয়া থকাৰ বাবে দিল্লীলৈ উভতি যাব পৰা নাছিল বিমানখন। অৱশেষত ৰাজস্থানৰ জয়পুৰত জৰুৰীভাৱে বিমানখন অৱতৰণ কৰোৱা হয়। সৌভাগ্যক্ৰমে কথমপি ৰক্ষা পৰে বিমানখনত থকা ৩০০ যাত্ৰীৰ প্ৰাণ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|