আজি গুৱাহাটীত আপৰ বিশাল জনসভা অনুষ্ঠিত হ’ব। এই বিশাল জনসভালৈ মাজত মাথোন কেইটামান ঘন্টাহে বাকী। এই সভালৈ দলটোৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আহিব। তেখেতৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানো অসমলৈ আহিব। এতিয়া দুয়োগৰাকী নেতাৰ আগমনক লৈ ব্যাপক তৎপৰতা আপ, অসমৰ।
ইতিমধ্যে ভৰলুমুখৰ সোণাৰাম খেলপথাৰত এক বিশাল পেণ্ডেলৰ নিৰ্মাণ কৰা হৈছে। এই সন্মিলনৰ বাবে দলটোৰ ৰাজ্যিক নেতৃত্বই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
উল্লেখ্য যে, আজি হ'বলগীয়া জনসভাত কেইবা সহস্ৰাধিক লোকৰ সমাৱেশ হ’ব বুলি দলটোৰ নেতৃত্বই প্ৰকাশ কৰিছে।
অসমলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাজ্যখনৰ আগন্তুক পঞ্চায়ত আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনৰ এক প্ৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ চলাব। লগতে আজিৰ এই জনসভা লক্ষণীয় হ’ব কিয়নো শেহতীয়াকৈ কেজৰিৱালে দিল্লীৰ বিধানসভা অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বহুতো গোচৰ থকা বুলি মন্তব্য কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কেজৰিৱালে তেওঁৰ বিৰুদ্ধে দুৰ্নীতি থকা বুলি অভিযোগ আনিলে মানহানি গোচৰ তৰিব বুলি সকীয়নী দিয়ে।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নয়নক লৈ দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত ছ’চিয়েল মিডিয়াত সংঘাত হৈছিল। গতিকে বৰ্তমান সময়ৰ দেশৰ ৰাজনৈতিক পৰিৱেশত ২ এপ্ৰিলৰ কেজৰিৱালৰ গুৱাহাটী ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : April 02, 2023, 08:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।