দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কি কথাত ধন্যবাদ জনালে জুবিন গাৰ্গক?

News18 Assam | News18-Assam
Updated:January 4, 2020, 12:37 PM IST
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কি কথাত ধন্যবাদ জনালে জুবিন গাৰ্গক?
টুইটাৰযোগে জুবিন গাৰ্গক ধন্যবাদ জনালে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে

টুইটাৰযোগে জুবিন গাৰ্গক ধন্যবাদ জনালে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে

  • Share this:
জুবিন গাৰ্গক ধন্যবাদ জনালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। টুইটাৰযোগে জুবিন গাৰ্গক ধন্যবাদ জনাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে এটা ব্যক্তিগত টেলিভিছন চেনেলত জুবিন গাৰ্গে ৰাজহুৱাকৈ কেজৰিৱালে দিল্লীত কৰা কাম কাজৰ প্ৰশংসা কৰিছিল। সেইদৰে জুবিন গাৰ্গে, অৰবিন্দ কোজৰিৱালক দেশৰ বৰ্তমান আটাইতকৈ কৰ্মদক্ষ ৰাজনৈতিক নেতা বুলি মন্তব্য কৰিছিল।

টুইটাৰযোগে অৰবিন্দ কেজৰিৱালে কয় যে, ‘ধন্যবাদ জুবিন গাৰ্গ, যদি আমি দেশক উন্নতিৰ দিশলৈ লৈ যাও, তেন্তে আমি শিক্ষা আৰু স্বাস্থ্যৰ উন্নয়নত অগ্ৰাধিকাৰ দিবই লাগিব। ’



সংগীত শিল্পী বিশাল দদলানিৰ এটা টুইটাৰক ৰি–টুইট কৰি এনেদৰে লিখে অৰৱিন্দ কেজৰিৱালে।
আৰু চাওক
পৰৱৰ্তী বাতৰি