• Home
  • »
  • News
  • »
  • assam
  • »
  • দুৰ্গা পূজাত অসমত দেখা পাব দিল্লীৰ অক্ষৰ ধাম; ক'ত কেনেকৈ চলি আছে এই প্ৰস্তুতি?

দুৰ্গা পূজাত অসমত দেখা পাব দিল্লীৰ অক্ষৰ ধাম; ক'ত কেনেকৈ চলি আছে এই প্ৰস্তুতি?

নিউ বঙাইগাঁৱৰ বিজি ক’লনিত দিল্লীৰ অক্ষৰ ধামৰ আৰ্হিত চলিছে দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ।

নিউ বঙাইগাঁৱৰ বিজি ক’লনিত দিল্লীৰ অক্ষৰ ধামৰ আৰ্হিত চলিছে দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ।

নিউ বঙাইগাঁৱৰ বিজি ক’লনিত দিল্লীৰ অক্ষৰ ধামৰ আৰ্হিত চলিছে দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ।

  • Share this:
সমগ্ৰ অসমৰ লগতে বঙাইগাঁৱতো চলি আছে দুৰ্গা পূজাৰ প্ৰস্তুতি৷ বিভিন্ন স্থানত আকৰ্ষণীয় ৰূপত মণ্ডপসমূৰ নিৰ্মাণ কাৰ্য চলি থকা পৰিলক্ষিত হৈছে। নিউ বঙাইগাঁৱৰ বিজি ক’লনিত দিল্লীৰ অক্ষৰ ধামৰ আৰ্হিত চলিছে দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ। বাঁহ, কাঠ, প্লাইবোৰ্ডৰ সহায়ত নিৰ্মাণ চলিছে অক্ষয় ধামৰ এই নিৰ্মাণ কাৰ্য৷ প্ৰায় সত্তৰ ফুট উচ্চতাৰ হ’ব এই মণ্ডপ।

উল্লেখযোগ্য যে, কলকাতাৰ পৰা অনা শিল্পীয়ে এই মণ্ডপ নিৰ্মাণ কৰি আছে। মণ্ডপ নিৰ্মাণত প্ৰায় ১৫ লাখ টকাৰ ব্যয় হ’ব৷ প্ৰায় দুমাহ ধৰি মণ্ডপৰ নিৰ্মাণ চলি আছে। প্ৰায় ৭০ শতাংশ মণ্ডপ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পন্ন হৈ উঠিছে৷

নিউ বঙাইগাঁৱৰ বিজি ক’লনিৰ নৱ সংঘৰ উদ্যোগত সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে সোণালী জয়ন্তী উপলক্ষে এই ব্যাপক প্ৰস্তুতি কৰিছে। প্ৰায় ২৫ লাখ টকাৰ বাজেট লৈ পূজা সমিতিখনে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে৷ পূজালৈ কেইদিনমান বাকী থকাৰ ফলত গীত মাত গাই সমিতিৰ সদস্যা সকলে দুৰ্গোৎসৱক আদৰাৰ প্ৰস্তুতি চলাইছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি