আজি সত্ৰীয়া সাধকগৰাকীৰ নশ্বৰদেহ সত্ৰনগৰী বৰপেটাৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰোৱাৰ পিছতে বৰপেটা সত্ৰলৈ লৈ যোৱা হয়৷
আজি সত্ৰীয়া সাধকগৰাকীৰ নশ্বৰদেহ সত্ৰনগৰী বৰপেটাৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰোৱাৰ পিছতে বৰপেটা সত্ৰলৈ লৈ যোৱা হয়৷
পঞ্চভূতত বিলীন হ'লবৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাসৰ নশ্বৰদেহ৷ ডেকাসত্ৰীয়াগৰাকীৰ দেহাৱসানৰ পিছতে শোকস্তব্ধ হৈ পৰিছে সত্ৰনগৰী বৰপেটা৷ যোৱানিশা ২.৩০ বজাত সত্ৰীয়া শিল্পী তথা বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়াগৰাকীৰ দেহাৱসানৰ পিছতে আজি পুৱাৰ পৰাই ডেকাসত্ৰীয়াগৰাকীৰ বাসগৃহত ভিৰ কৰে বহু লোকে৷ বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা, বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ লগতে বহু লোক ডেকাসত্ৰীয়া বাপজনাৰ ঘৰত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জনায়৷
আজি সত্ৰীয়া সাধকগৰাকীৰ নশ্বৰদেহ সত্ৰনগৰী বৰপেটাৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰোৱাৰ পিছতে বৰপেটা সত্ৰলৈ লৈ যোৱা হয়৷ সত্ৰীয়া সাধকগৰাকীৰ নশ্বৰদেহ সত্ৰৰ কীৰ্তন ঘৰৰ চৌপাশে তিনি পাক প্ৰদক্ষিণ কৰাই তাৰ পিছত হাৰিজানৰ পাৰত সত্ৰৰ খটখটিৰ কাষত শেষকৃত্য সমাপন কৰা হয়৷
২০০৯ চনত ডেকা সত্ৰীয়া পদত অধিষ্ঠিত নৱজিৎ দাসে সত্ৰীয়া কৃষ্টি–সংস্কৃতিৰ চৰ্চা বিশেষকৈ নাট, ভাওনা, গীত, পদ, নাম আদি বিবিধ ক্ষেত্ৰৰ এগৰাকী প্ৰখ্যাত শিল্পী আছিল৷ যোৱা ২২ মে'ত গুৱাহাটীৰ এপল' হাস্পতালত তেওৰ বাইপাছ ছাৰ্জাৰী কৰা হৈছিল৷ বিগত দুদিনমান ধৰি অসুস্থ হৈ পৰা ডেকাসত্ৰীয়াগৰাকীয়ে নিশা ইহলীলা ত্যাগ কৰে৷ মৃত্যুৰ সময়ত ডেকাসত্ৰীয়া গৰাকীয়ে পত্নী আৰু তিনিজন ভাতৃসহ বহু আত্মীয়ক এৰি থৈ গৈছে৷
সত্ৰীয়া সংস্কৃতিৰ এগৰাকী বিশিষ্ট শিল্পী নৱজিৎ দাস নাম দলৰ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰো স্বীকৃত শিল্পী আছিল৷ ভাৰত চৰকাৰৰ তত্বাৱধাৱত ১৯৮৭ চনত আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ সাংস্কৃতিক কৰ্মীসকলক ডেৰমাহ কাল সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষণ প্ৰদানৰ কামতো নিয়োজিত হৈছিল৷ শংকৰদেৱ কলাক্ষেত্ৰ, বৰপেটা, সত্ৰীয়া সংস্কৃতি সেৱা সমিতি, শংকৰী সংস্কৃতি সেৱা সংঘ আদি কেবাটাও অনুষ্ঠানৰ জৰিয়তে তেওঁ সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰিছিল৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|