• Home
  • »
  • News
  • »
  • assam
  • »
  • এটি পদ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ গঢ় দিয়া এখন বিশেষ উদ্যানঃ বনৰীয়া জীৱ-জন্তু , চৰাই-চিৰিকটিৰ বাবে ভগৱান স্বৰূপ এগৰাকী লোক

এটি পদ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ গঢ় দিয়া এখন বিশেষ উদ্যানঃ বনৰীয়া জীৱ-জন্তু , চৰাই-চিৰিকটিৰ বাবে ভগৱান স্বৰূপ এগৰাকী লোক

দেহ বৰাৰ বিশেষ বৈশিষ্ট্য বহনকাৰী উদ্যানখনত বিভিন্ন প্ৰজাতিৰ ফলমূলৰ গছ ৰোৱা হৈছে বনৰীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ বাবে।

দেহ বৰাৰ বিশেষ বৈশিষ্ট্য বহনকাৰী উদ্যানখনত বিভিন্ন প্ৰজাতিৰ ফলমূলৰ গছ ৰোৱা হৈছে বনৰীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ বাবে।

দেহ বৰাৰ বিশেষ বৈশিষ্ট্য বহনকাৰী উদ্যানখনত বিভিন্ন প্ৰজাতিৰ ফলমূলৰ গছ ৰোৱা হৈছে বনৰীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ বাবে।

  • Share this:

একো একোজন প্ৰকৃতিপ্ৰেমী চহা লোকে প্ৰকৃতিৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাৰ বাবে তেওঁৰ অজ্ঞাতে গঢ় দি পেলায় একোখন বৃহৎ অৰণ্য, একোখন বাগিচা । এনে একাংশ লোকৰ প্ৰকৃতিৰ সৈতে একাত্ম হৈ সময় পাৰ কৰাৰ এটা নিচা থকাৰ বাবেই দীৰ্ঘ সময়ৰ পিছত গঢ় লৈ উঠে এখন বৃহৎ অৰণ্য, এখন বৃহৎ উদ্যান । যোৰহাটৰ উপকণ্ঠৰ গৰুমৰা মাজুলী গাঁৱৰ দেহ বৰা নামৰ লোকজনে ল'ৰালি কালত পঢ়া এটি পদ্যৰ পৰা অনুপ্ৰাণিত হৈ বছৰ বছৰজোৰা প্ৰচেষ্টাৰ অন্তত গঢ়ি তুলিছে এখন বিশেষ উদ্যান ।


বহু বছৰৰ পৰা তেওঁৰ ২০ বিঘা মাটিৰ বাৰীখনৰ এটা অংশত ৰোপণ কৰি আহিছে বিভিন্ন প্ৰজাতিৰ ফলমূলৰ গছ । বাৰীত গছপুলি ৰোপণ কৰাটো তেওঁৰ এটা নিচা । ইয়াৰ বাবে তেওঁ অপেক্ষা নকৰে ৫ জুনৰ দিনটোলৈ । ধাৰাবাহিক প্ৰচেষ্টাৰ অন্তত পৈণত হৈ পৰা এই ফলমূলৰ গছবোৰ দেহ বৰাই ৰোপণ কৰি উদ্যানখন গঢ় দিছিল বনৰীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ খাদ্যৰ বাবে । কাৰণ প্ৰকৃতি ধ্বংসৰ বাবে বহু সময়ত খাদ্যৰ অভাৱত হাবাথুৰি খাব লগা হয় বন্যপ্ৰাণী তথা চৰাইবোৰে। জীৱ-জন্তুৰ বাবে এইখন উদ্যান গঢ় দি অতিকৈ সুখী বৰ্ষীয়ান লোকজন ।


"আমাৰ চকুৰ আগতে বহু গছ–গছনি কাটি ধ্বংস কৰা হৈছে। ইয়াৰ ফলত বহু জীৱ-জন্তু , চৰাই-চিৰিকটিয়ে আৱাসস্থল, খাদ্যৰ অভাৱত ভুগিব লগা হৈছে । সেয়েহে মই কিছু চেষ্টা কৰিছো। গছপুলি নোৰোৱাকৈ মই থাকিব নোৱাৰোঁ। মোৰ উদ্যানখনৰ পৰা একাংশ জীৱ-জন্তু আৰু চৰাই উপকৃত হোৱাত মই বহুত সুখ অনুভৱ কৰোঁ ।"– উদ্যানখনৰ গৰাকী দেহ বৰাই এনেদৰে কয়।


ফলমূলেৰে জাতিষ্কাৰ হৈ থকা দেহ বৰাৰ এই বিশেষ উদ্যানলৈ বিভিন্ন সময়ত আগমন ঘটে বনৰীয়া জীৱ-জন্তুৰ। একাংশ জীৱ-জন্তু আৰু চৰাইৰ বাবে এই উদ্যানখন বৰ্তমান হৈ পৰিছে আশ্ৰয়স্থল । বিভিন্ন প্ৰজাতিৰ গছ ৰোৱাটো দেহ বৰাৰ এক নিচা। বৰ্তমানো তেওঁৰ বৃহৎ বাৰীখনত দৈনিক ৰোপণ কৰি আহিছে বিভিন্ন প্ৰজাতিৰ গছ। আৰু এনেদৰেই দেহ বৰাৰ দৰে এইসকল লোকে তেওঁলোকৰ অজ্ঞাতে প্ৰকৃতি তথা পৰিৱেশৰ ভাৰসাম্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি