অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণঃ বিধানসভাৰ মজিয়াত চৰকাৰক প্ৰত্যাহ্বান জনাব AIUDF-এ

দীৰ্ঘদিনৰ মূৰত সংবাদমেল অনুষ্ঠিত কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে AIUDF-এ।
দীৰ্ঘদিনৰ মূৰত সংবাদমেল অনুষ্ঠিত কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে AIUDF-এ।
- News18 Assam
- Last Updated: August 13, 2020, 7:50 PM IST
আমিনুল ইছলামে কয় যে, ‘নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে এফালে বিদেশীক সংস্থাপন দিব বিচাৰিছে আনহাতে একাংশক অসমীয়া নহয় বুলিকৈ সকলো সুবিধাৰ পৰা বঞ্চিত কৰাৰ কৌশল বিজেপিৰ।’ ইফালে চৰকাৰক গুৰুত্ব সহকাৰে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে আহ্বান জনাইছে এআইইউডিএফৰ নেতৃত্বই।
১২ জনীয়া কমিটীৰ প্ৰতিবেদনতে ৬নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী নহয় বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যকো উভতি ধৰে বিৰোধী দলটোৱে। আগন্তুক বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশতে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত চৰকাৰক প্ৰত্যাহ্বান জনাব বিৰোধী দল AIUDFএ।