৩০ বছৰ ভাৰতীয় সেনাত সেৱা আগবঢ়াই ‘বিদেশী’ হ’ল সোণাউল্লাহ!

News18-Assam
Updated:May 29, 2019, 5:10 PM IST
৩০ বছৰ ভাৰতীয় সেনাত সেৱা আগবঢ়াই ‘বিদেশী’ হ’ল সোণাউল্লাহ!
আজি উত্তৰ গুৱাহাটীৰ পৰা আটক কৰে সেনা বাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত অসম আৰক্ষীত যোগদান কৰা ASI মহম্মদ সোণাউল্লাহক।

আজি উত্তৰ গুৱাহাটীৰ পৰা আটক কৰে সেনা বাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত অসম আৰক্ষীত যোগদান কৰা ASI মহম্মদ সোণাউল্লাহক।

  • Share this:
৩০ বছৰ ধৰি ভাৰতীয় সেনাত সেৱা আগবঢ়াই বিদেশীৰ ‘অপযশ’ পালে এগৰাকী সেনা বিষয়াই। আজি উত্তৰ গুৱাহাটীৰ পৰা আটক কৰে সেনা বাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত অসম আৰক্ষীত যোগদান কৰা ASI মহম্মদ সোণাউল্লাহক। ২০১৭ চনত ভাৰতীয় সেনাৰ অনাৰেৰী কেপ্টেইন পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল সোণাউল্লাহে। সেনা বাহিনীত থকা সময়ছোৱাত তেওঁ লাভ কৰিছিল ৰাষ্ট্ৰপতি পুৰস্কাৰো। সেনা বাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত ছমাহ পূৰ্বে তেওঁ যোগদান কৰিছিল অসম আৰক্ষীত। সীমান্ত আৰক্ষীৰ ASI পদত কৰ্মৰত মহম্মদ সোণাউল্লাহ। ২০০৮ চনৰ পৰা বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছিল বিষয়াজনৰ বিৰুদ্ধে। আটক হোৱা আৰক্ষী বিষয়াজনৰ ঘৰ বকোৰ কলহীকাষ গাঁৱত।

মহম্মদ সোণাউল্লাহৰ হাইস্কুলৰ প্ৰমাণপত্ৰ


মহম্মদ সোণাউল্লাহৰ মেট্ৰিক উত্তীৰ্ণৰ প্ৰমাণপত্ৰ


আৰু চাওক
পৰৱৰ্তী বাতৰি