কেনেকৈ বিদেশী হ’ল ৩০ বছৰে ভাৰতীয় সেনাত চাকৰি কৰা ছানাউল্লাহ?

ভাৰতীয় সেনাত ৩০ বছৰ চাকৰি কৰি ২০১৭ চনত অসম আৰক্ষীৰ সীমান্ত শাখাত ASI হিচাপে যোগদান কৰিছিল বিদেশী ঘোষিত ছানাউল্লাহে। স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে ছানাউল্লাহ প্ৰকৃততে বিদেশী হয়নে?

news18assam
Updated:May 30, 2019, 4:27 PM IST
কেনেকৈ বিদেশী হ’ল ৩০ বছৰে ভাৰতীয় সেনাত চাকৰি কৰা ছানাউল্লাহ?
ভাৰতীয় সেনাত ৩০ বছৰ চাকৰি কৰি ২০১৭ চনত অসম আৰক্ষীৰ সীমান্ত শাখাত ASI হিচাপে যোগদান কৰিছিল বিদেশী ঘোষিত ছানাউল্লাহে। স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে ছানাউল্লাহ প্ৰকৃততে বিদেশী হয়নে?
news18assam
Updated: May 30, 2019, 4:27 PM IST
৩০ বছৰে ভাৰতীয় সেনাত চাকৰি কৰা মহম্মদ ছানাউল্লাহ প্ৰকৃততে বিদেশী নাগৰিক হয়নে? যদি বিদেশী নাগৰিক আছিল তেন্তে কেনেকৈ ভাৰতীয় সেনাত ৩০ বছৰ কাল চাকৰি কৰিলে ছানাউল্লাহে? কেনেকৈ অসম আৰক্ষীৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তি পালে ছানাউল্লাহে? বুধবাৰে ছানাউল্লাহক ডিটেনচন কেম্পলৈ প্ৰেৰণৰ পিছত স্বাভাৱিকতে উদয় হৈছে বহু প্ৰশ্নৰ। NEWS18ৰ হাতত পৰিছে ছানাউল্লাহৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য।

ভাৰতীয় সেনাত ৩০ বছৰ চাকৰি কৰি ২০১৭ চনত অসম আৰক্ষীৰ সীমান্ত শাখাত ASI হিচাপে যোগদান কৰিছিল বিদেশী ঘোষিত ছানাউল্লাহে। স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে ছানাউল্লাহ প্ৰকৃততে বিদেশী হয়নে? ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ছানাউল্লাহৰ গ্ৰেপ্তাৰৰ ঘটনা। NEWS18ৰ হাতত পৰা তথ্য মতে, ২০০৮ চনৰ ২৩ মে’ত সীমান্ত আৰক্ষীয়ে ছানাউল্লাহ বিদেশী বুলি বিদেশী ন্যায়াধীকৰণত প্রতিবেদন দাখিল কৰিছিল। এই প্রতিবেদনত কিন্তু ছানাউল্লাহ এজন দিন হাজিৰা কৰা ব্যক্তি বুলি উল্লেখ কৰিছিল সীমান্ত আৰক্ষীয়ে। তদুপৰি সীমান্ত আৰক্ষীয়ে প্ৰতিবেদন দাখিল কৰা সময়ত ছানাউল্লাহ মণিপুৰত ভাৰতীয় সেনাত কৰ্মৰত আছিল। সেই সময়ত ভাৰতীয় সেনাৰ বিশেষ অভিযানত অংশ লৈছিল ছানাউল্লাহে। NEWS18ৰ হাতত ছানাউল্লাহে বিদেশী ন্যায়াধীকৰণত জমা দিয়া এখন জবানবন্দীও আহি পৰিছে। ৰহস্যজনকভাৱে এই জবানবন্দীত দেখা গৈছে ছানাউল্লাহৰ টিপচহী।



এইসমূহ তথ্য NEWS18ৰ হাতত পৰাৰ পিছতেই ছানাউল্লাহ প্ৰকৃততে বিদেশী হয়নে সেই সংক্ৰান্তত প্ৰশ্নৰ উদয় হৈছে। প্ৰশ্ন উঠিছে, এজন বিদেশীয়ে কেনেকৈ পুলিচ ভেৰিফিকেচন লাভ কৰি ভাৰতীয় সেনা তথা অসম আৰক্ষীত চাকৰি কৰিবলৈ সক্ষম হৈছিল? এই ৰহস্যজনক ঘটনাৰ উচ্চস্তৰৰ তদন্ত দাবী কৰিছে আমছুৱে। বিদেশীৰ নামত চলি অহা হাৰাশাস্তিৰ ই অন্যতম উদাহৰণ বুলিও প্ৰকাশ কৰিছে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে।

ইফালে জানিব পৰা মতে, বিদেশী ন্যায়াধীকৰণৰ এই ৰায়ৰ বিৰুদ্ধে অহা সপ্তাহত উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হ’ব ছানাউল্লাহ। সম্প্ৰতি তেওঁক গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত ৰখা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি