শনিবাৰে এদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীলৈ অহা কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে শংকৰদেৱ কলাক্ষেত্ৰত ১৯৭১ৰ ভাৰত-পাক যুদ্ধৰ বীৰ যোদ্ধালৈ শ্ৰদ্ধাঞ্জলি আৰু সম্বৰ্ধনা অৰ্পণ কৰে। ১০৫ গৰাকী বীৰ যোদ্ধালৈ প্রদান কৰা হয় এই সন্মান। ইয়াৰ ভিতৰত অসমৰ ৯গৰাকী শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে তেওঁলোকৰ বিধৱা পত্নী, আঘাত প্ৰাপ্ত ৬গৰাকী সৈনিকসহ দুগৰাকী যুদ্ধবন্দী সৈনিকৰ লগতে যুদ্ধত অংশ লোৱা ৭২গৰাকী সৈনিকক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে (felicitation of 1971 war veterans at Guwahati )।
কলাক্ষেত্রৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী। সিঙে তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কয় যে তেওঁ এগৰাকী গতিশীল (dynamic) মুখ্যমন্ত্ৰী। অসমৰ এই অনুষ্ঠানে তেওঁৰ অন্তৰ চুই গৈছে বুলি উল্লেখ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে যি আশাৰে অনুষ্ঠান আয়োজন কৰিছে, সেয়া সম্পূৰ্ণ হৈ গ'ল।
সিঙে কয়- ''কেৱল ৭১ৰ যোদ্ধাখিনিকেই নহয় আন যুদ্ধৰ সৈনিককো গৌৰৱান্বিত কৰিছে এই অনুষ্ঠানে।'' অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ "অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ যাচিলোঁ" বুলি অসমীয়া ভাষাতে প্ৰকাশ কৰে।
সেনাৰ প্ৰতি তেওঁৰ দুৰ্বলতা থকাৰ কথা প্ৰকাশ কৰি কয়- ''ভাৰতৰ ১৫ লাখ লোক সেনাত নিয়োজিত হৈ আছে, ভাৰত চীনৰ সংঘাতৰ সেই সময়খিনিত মই ভাৰতীয় সেনাৰ বীৰত্ব দেখিছোঁ। আমাৰ সেনাৰ অৱসৰ লোৱাৰ পিছতো অন্তৰৰ পৰা সেনাবাহিনীক লৈ থকা অনুভৱ শেষ হৈ নাযায়।''
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে (Defence Minister Rajnath Singh) লগতে বাংলাদেশৰ স'তে ভাৰতৰ বন্ধুত্বমূলক সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি কয় যে পাকিস্তান ভংগ কৰি বাংলাদেশ হোৱাৰ পিছত সৰ্বাধিক লাভ উত্তৰ-পূৰ্বাঞ্চলৰ হৈছে। সিঙে শ্ৰীমন্ত শংকৰদেৱ, লাচিত বৰফুকনৰ লগতে গোপীনাথ বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱাৰ কথা উল্লেখ কৰি অসমৰ একতা যাতে কেতিয়াও শেষ নহয়, এয়া প্ৰতিজন অসমীয়াৰ কৰ্তব্য হোৱা উচিত বুলি প্ৰকাশ কৰি দেশৰ একতা-অখণ্ডতা অটুট ৰাখিবলৈ দেশবাসীক আহ্বান জনায়।
অনুষ্ঠানত ৰাজনাথ সিঙে AFSPAৰ কথাও উল্লেখ কৰে। তেওঁ অসমৰ ২৩খন জিলাৰ পৰা AFSPA আঁতৰ কৰাৰ কথা প্ৰকাশ কৰি কয়- "কিছুমান লোকে বিশ্বাস কৰে যে AFSPA আঁতৰ হোৱা উচিত, মই আজি এই মঞ্চৰ পৰা ক'ব বিচাৰোঁ যে আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ নূন্যতম ভূমিকা আছে। সেনাই বিচাৰে যে জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতি সোনকালেই সম্পূৰ্ণ স্বাভাৱিক হওক আৰু তাৰ পৰাও AFSPA আঁতৰ কৰিব পাৰি।''
Published by: Gautam Barman
FIRST PUBLISHED : April 23, 2022, 18:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।