உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'যুগ-যুগান্তৰলৈ অসমত শাসনলৈ নাহে কংগ্ৰেছ, ৩-৪ বাৰ পৰাস্ত হোৱা মানুহে দিছে কংগ্ৰেছী নেতা-কৰ্মীক প্ৰশিক্ষণ'-মন্ত্ৰী পীয়ুষ হাজৰিকা

    'যুগ-যুগান্তৰলৈ অসমত শাসনলৈ নাহে কংগ্ৰেছ, ৩-৪ বাৰ পৰাস্ত হোৱা মানুহে দিছে কংগ্ৰেছী নেতা-কৰ্মীক প্ৰশিক্ষণ'-মন্ত্ৰী পীয়ুষ হাজৰিকা

    "ভূপেন বৰাই যি দিনাই চাৰ্ট খুলিছিল সেই দিনাই সংকটৰ চিন দিছিল। একেৰাহে তিনিটা নিৰ্বাচনত হাৰিলেহে কংগ্ৰেছৰ সভাপতি হয়।"-এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

    "ভূপেন বৰাই যি দিনাই চাৰ্ট খুলিছিল সেই দিনাই সংকটৰ চিন দিছিল। একেৰাহে তিনিটা নিৰ্বাচনত হাৰিলেহে কংগ্ৰেছৰ সভাপতি হয়।"-এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

    "ভূপেন বৰাই যি দিনাই চাৰ্ট খুলিছিল সেই দিনাই সংকটৰ চিন দিছিল। একেৰাহে তিনিটা নিৰ্বাচনত হাৰিলেহে কংগ্ৰেছৰ সভাপতি হয়।"-এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

    • Share this:
    "ভূপেন বৰাই যি দিনাই চাৰ্ট খুলিছিল সেই দিনাই সংকটৰ চিন দিছিল। একেৰাহে তিনিটা নিৰ্বাচনত হাৰিলেহে কংগ্ৰেছৰ সভাপতি হয়।"-এই মন্তব্য অসমৰ জলসম্পদ,তথ‍্য জনসংযোগ, সংসদীয় পৰিক্ৰমা তথা নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

    নগাঁৱৰ জিলা উপায়ুক্ত কাৰ্য‍্যালয়ত বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামীৰ লগতে নগাঁও জিলাৰ কেইবাজনো বিধায়কৰ উপস্থিতিত  জিলাখনৰ বিভিন্ন বিভাগৰ চৰকাৰী জনকল‍্যানমূখী কৰ্মৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে পৰ্য‍্যালোচনা সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক উদ্দেশ‍্যি তীৰ্যক মন্তব‍্য আগবঢ়ায়ই অসম চৰকাৰৰ মন্ত্ৰীজনে।

    বিজেপিৰ আৰ্হিত কংগ্ৰেছেও প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা সন্দৰ্ভত পীয়ুষ হাজৰিকাই কয়, "কংগ্ৰেছত তিনি-চাৰিবাৰ নিৰ্বাচনত হৰা মানুহে প্ৰশিক্ষণ দিছে। এইসকলে কি প্ৰশিক্ষণ দিব আপোনালোকে নিজে চিন্তা কৰক। যুগ-যুগান্তৰলৈ অসমত কংগ্ৰেছৰ চৰকাৰ নাহে নিশ্চিন্ত থাকক।"

    ইপিনে ৱেব পৰ্টেলক নিয়ন্ত্ৰক কৰা হ'ব বুলি জনসংযোগ মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয়, "আমি ৱেব পৰ্টেল বন্ধ নকৰো। পৰ্টেল চলক কিন্তু নীতি-নিয়মৰ মাজৰে। পৰ্টেলে কোম্পানীৰ সকলো নীতি-নিয়ম মানি চলিব লাগিব। সাংবাদিকে উচিত পাৰিতোষিক পাব লাগিব। পঞ্জীয়ণ হ'ব লাগিব। পৰ্টেলৰ বাবে আমি শীঘ্ৰে আইন প্ৰণয়ণ কৰিম।"

    নগাঁও জিলাত কৰায়ত্ত হোৱা অপৰাধীসকলৰ ওপৰত মন্তব‍্য কৰিও কয় যে, 'বৰ্তমানৰ অসম চৰকাৰ যথেষ্ট কঠোৰ আৰু অপৰাধীৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম স্থিতি গ্ৰহণ কৰিব।' উল্লেখযোগ্য যে, আজিৰ পৰ্যালোচনা বৈঠকত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে প্ৰতিটো বিভাগৰে উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।
    Published by:Himangshu Bhuyan
    First published: