ঘটনাটো দেখাত তেনেই সাধাৰণ। কিন্তু উদ্ধাৰকাৰী লোকসকলৰ আচৰণে বহু কথাই কৈ গ'ল।
ঘটনাটো দেখাত তেনেই সাধাৰণ। কিন্তু উদ্ধাৰকাৰী লোকসকলৰ আচৰণে বহু কথাই কৈ গ'ল।
এটি মৰমলগা হৰিণ। বৰলুইতৰ কোবাল সোঁতত উটি অহা হৰিণাটোক জীৱন্তে উদ্ধাৰ কৰিছিল একাংশ লোকে। আঘাতপ্ৰাপ্ত হৰিণাটোক মৰম–আদৰেৰে আপোন কৰি ল’লে এই লোকসকলে। মৰমতে হৰিণাটোৰ নামো ৰাখিলে – বৰ্ণালী।
ঘটনাটো যোৰহাট জিলাৰ জাজীমুখ বৰমথাউৰি চাপৰিৰ। দেওবাৰে বিয়লি বৰলুইতৰ সোঁতত উটি অহা হৰিণাটোক উদ্ধাৰ কৰিছিল কেইজনমান লোকে। কিন্তু বান বিভীষিকাৰ ভয়ানক পৰিস্থিতিৰ মাজত যতন লোৱাৰ কোনো উপায় নাছিল আঘাটপ্ৰাপ্ত হৰিণাটোক।
যোৰহাট জিলা বন বিভাগক খবৰ দিবলৈ চেষ্টা কৰে যদিও সফল নোহোৱাত লোকসকলে খবৰ দিয়ে NEWS18ৰ সাংবাদিকক। ততাতৈয়াকৈ অঞ্চলটোৰ কেইজনমান লোকক লগত লৈ এখন যন্ত্ৰচালিত নাৱেৰে সেই স্থানত উপস্থিত হয় NEWS18ৰ সাংবাদিক। হৰিণাটোক উদ্ধাৰ কৰি চমজাই দিয়া হয় বন বিভাগক।
ঘটনাটো দেখাত তেনেই সাধাৰণ। কিন্তু উদ্ধাৰকাৰী লোকসকলৰ আচৰণে বহু কথাই কৈ গ'ল। হৰিণাটো উদ্ধাৰ কৰি লৈ অহা মুহূৰ্তত তেওঁলোকৰ মুখমণ্ডলত জিলিকি উঠিছিল আনন্দৰ ৰেখা। আঘাতপ্ৰাপ্ত হৰিণাটোক সুস্থ কৰি তোলাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাই পুনৰ প্ৰমাণিত কৰিলে যে সমাজত এতিয়াও শেষ হৈ যোৱা নাই মানৱতা। এনেধৰণৰ লোকসকলৰ বাবেই সুন্দৰ হৈ আছে সমাজখন। যি সময়ত বানৰ সুযোগ লৈ একাংশ দুষ্টচক্ৰই বন্যজন্তুৰ প্ৰতি লোলুপ দৃষ্টি ৰাখিছে, সেই সময়ত এইসকল লোকে দেখুৱালে নিদৰ্শন।
হৰিণাটোৰ লগত লোকসকলৰ এনেকুৱা আত্মীয়তা গঢ়ি উঠিছিল যে আহিবৰ সময়ত স্বতস্ফূৰ্তভাৱে তেওঁলোকৰ মুখেৰে ওলাই আহিল – ‘বৰ্ণালী তুমি আকৌ আহিবা। আমি ৰৈ থাকিম তোমাৰ বাবে।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|