নীলাচলৰ বুকুত এইবাৰ নাহৰফুটুকী নহয়, হৰিণা পোৱালি। মালিগাঁৱৰ হিলটপ কলনীত প্ৰত্যক্ষ কৰা হয় এটি হৰিণা পোৱালি। সন্ধিয়াৰ প্ৰাকক্ষণত এঘৰ লোকৰ পিছফালে প্ৰত্যক্ষ হয় হৰিণাটি।
গৃহস্থৰ পৰিয়ালৰ এগৰাকী মহিলাই নিজৰ মোবাইলৰ কেমেৰাত আবদ্ধ কৰে পশুটি বিচৰণৰ সমগ্ৰ দৃশ্য। উল্লেখ্য যে নীলাচলত হৰিণা পোৱালিটোৱে প্ৰায়েই বিচৰণ কৰা বুলি জানিব পৰা গৈছে।
এই দিশত বন বিভাগে গুৰুত্ব দি পশুসমূহৰ সংৰক্ষণৰ বাবে ৰাইজে আহ্বান জনায়।
অন্যথা কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ আশংকা প্ৰকাশ কৰে ৰাইজে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|