কিন্তু ভেলেণ্টাইন ডে’ৰ দিনা কণ্ঠশিল্পী দীপলিনা ডেকাই দিলে সুন্দৰ উপহাৰ। কিন্তু কালৈ এই উপহাৰ দীপলিনাৰ?
কিন্তু ভেলেণ্টাইন ডে’ৰ দিনা কণ্ঠশিল্পী দীপলিনা ডেকাই দিলে সুন্দৰ উপহাৰ। কিন্তু কালৈ এই উপহাৰ দীপলিনাৰ?
আজি ভেলেণ্টাইন ডে’। প্ৰেমৰ দিন। এই দিনটো প্ৰেমিক–প্ৰেমিকাসকলে নানা ধৰণে উদযাপন কৰে। নিজৰ প্ৰিয়জনক দিয়ে মৰমৰ উপহাৰ। কিন্তু ভেলেণ্টাইন ডে’ৰ দিনা কণ্ঠশিল্পী দীপলিনা ডেকাই দিলে সুন্দৰ উপহাৰ। কিন্তু কালৈ এই উপহাৰ দীপলিনাৰ?
আচলতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ভেলেণ্টাইন ডে’ উপলক্ষে প্ৰস্তুত কৰিছে এটা সুন্দৰ গীত ‘নিগাজী’। মাতৃভূমিক লৈ এই গানটো প্ৰস্তুত কৰিছে দীপলিনাই। ভেলেণ্টাইন ডে’ৰ দিনটোতে ৰাইজলৈ গীতটি আগবঢ়াই দিব কণ্ঠশিল্পীগৰাকীয়ে।
ভেলেণ্টাইন ডে’ক লৈ দীপলিনাই কয়, ‘প্ৰেম বুলিলে আমাৰ সমাজত পুৰুষ আৰু মহিলাৰ মাজৰ যিটো সম্পৰ্ক তাকেই প্ৰেম বুলি কয়। কিন্তু প্ৰেম বিভিন্ন ধৰণৰ হ’ব পাৰে, যেনে মাতৃ–কন্যা, পিতা–পুত্ৰ, ভাতৃ–ভগ্নী বা জন্মভূমিৰ প্ৰতি প্ৰেম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|