• Home
  • »
  • News
  • »
  • assam
  • »
  • "CAA" বিৰোধী আন্দোলনৰ প্ৰতি মোৰ সমৰ্থন আছে : দীপলিনা ডেকা 

"CAA" বিৰোধী আন্দোলনৰ প্ৰতি মোৰ সমৰ্থন আছে : দীপলিনা ডেকা 

শিৱসাগৰত এক অনুষ্ঠানত লুৰিণ জ্যোতি গগৈৰ সৈতে অংশ লৈ নাগৰিকত্ব সংশোধনী আইনক লৈ এই মন্তব্য কৰে গায়িকা দীপলিনা ডেকাই।

শিৱসাগৰত এক অনুষ্ঠানত লুৰিণ জ্যোতি গগৈৰ সৈতে অংশ লৈ নাগৰিকত্ব সংশোধনী আইনক লৈ এই মন্তব্য কৰে গায়িকা দীপলিনা ডেকাই।

শিৱসাগৰত এক অনুষ্ঠানত লুৰিণ জ্যোতি গগৈৰ সৈতে অংশ লৈ নাগৰিকত্ব সংশোধনী আইনক লৈ এই মন্তব্য কৰে গায়িকা দীপলিনা ডেকাই।

  • Share this:
"নাগৰিকত্ব সংশোধনী আইন চমুকৈ "CAA" বিৰোধী আন্দোলনৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আছে।কিন্তু কোনে পুনৰ আন্দোলন আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে সেই বিষয়ে মই ভালদৰে অৱগত নহয়। সবিশেষ আলোচনা কৰিহে এই সন্দৰ্ভত মতামত আগবঢ়াব পাৰিম," এই মন্তব্য বিগত সময়চোৱাত "CAA" আন্দোলনত অংশ লোৱা জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ।

শিৱসাগৰ বি জি ৰোডত  আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি উদ্দীপ জ্যোতি গগৈৰ নেতৃত্বত এদল যুৱকে মুকলি কৰা  "My Cleaners" নামৰ এখন অত্যাধুনিক লণ্ড্ৰী উদ্বোধন কৰি এই মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই।

তদুপৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া বা কৰ্মীয়ে আত্মসংস্থাপনৰ বাবে কেতবোৰ কাম হাতত লোৱা কাৰ্যৰো শলাগ ‌লয় তেওঁ। দীপলিনা ডেকাই কয় " সুস্থ শৰীৰ আৰু মনৰ বাবে স্বচ্ছতা অতি প্ৰয়োজন। আজি কালি মানুহৰ জীৱনটো যান্ত্ৰিক হৈ পৰিছে। কিছুমান কামৰ বাবে আমি  বৰ  সময় দিব নোৱাৰোঁ। এনে সময়ত এইধৰণৰ প্ৰতিষ্ঠানে কিছু সকাহ দিয়ে । ছাত্ৰ সন্থাৰ  সৈতে জড়িত সকলে  কৰ্মৰ মাজেৰে কিদৰে আগুৱাব পাৰি  তেনে পথো দেখুৱাইছে।এই বিলাক উদাহৰণ। ভাল লগা দিশ।"

একেটা অনুষ্ঠানতে উপস্থিত থকা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে CAAৰ বিৰুদ্ধে ৰাইজক একত্ৰিত হোৱাৰ আহ্বান জনায়। "CAA" বলবৎ হ'লেই অসমীয়াৰ ভাষা সংস্কৃতি সকলো দিশলৈ বিপদ নামি আহিব, ৰাজনৈতিক অধিকাৰো হেৰুৱাব অসমীয়াই । জাতি ধ্বংসী এই আইনৰ বিৰুদ্ধে সকলো ঐক্যবদ্ধ হ'ব লাগে। " CAA" বলবৎ হ'লেই অসমৰ ভৱিষ্যত ভয়াৱহ দিশলৈ গতি কৰিব।"  এই মন্তব্য লুৰিণ জ্যোতি গগৈৰ।

উল্লেখযোগ্য যে অসমৰ গুৱাহাটীৰ পিছতে শিৱসাগৰত স্থাপন কৰা হৈছে "My Cleaners"।
Published by:Manjumoni Borah
First published: