• Home
  • »
  • News
  • »
  • assam
  • »
  • দীপলিনা ডেকা নহয় অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী, ৰাজনীতিলৈ নহাৰ কথা প্ৰকাশ কৰিলে কণ্ঠশিল্পীগৰাকীয়ে

দীপলিনা ডেকা নহয় অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী, ৰাজনীতিলৈ নহাৰ কথা প্ৰকাশ কৰিলে কণ্ঠশিল্পীগৰাকীয়ে

অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত দীপলিনা ডেকা আৰু লুৰিণজ্যোতি গগৈৰ বৈঠক

অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত দীপলিনা ডেকা আৰু লুৰিণজ্যোতি গগৈৰ বৈঠক

অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত দীপলিনা ডেকা আৰু লুৰিণজ্যোতি গগৈৰ বৈঠক

  • Share this:
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকা আগন্তুক অসম বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব পাৰে বুলি একাংশ সংবাদমাধ্যম চৰ্চিত হৈছিল। তেওঁক শুকুৰবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত লুৰিণজ্যোতি গগৈৰ সৈতে আলোচনা কৰা প্ৰত্যক্ষ কৰা হৈছিল।

এই বিষয়টোত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গায়িকাগৰাকীয়ে। নিজৰ ফেচবুক পেজত দীপলীনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজনীতিলৈ অহাৰ তথ্য নস্যাৎ কৰিছে। তেওঁৰ দাবী এইবোৰ ‘মছলা খবৰ’।

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে দীপলিনা ডেকাৰ নাম উচ্চাৰণ হোৱাৰ পিছতে বিষয়টোৱে  ছচিয়েল মিডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছিল। তাৰ মাজতে ফেচবুক পোষ্ট দীপলীনাৰ।

চৰ্চিত বিষয়টোৰ ওপৰত এতিয়া প্ৰকাশ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। দীপলিনা ডেকাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বিষয়টো নস্যাৎ কৰাৰ লগতে একাংশ সংবাদ মাধ্যমৰহে সৃষ্টি বুলি ছচিয়েল মিডিয়াৰ জৰিয়তে উল্লেখ কৰিছে।

উল্লেখ্য যে, একাংশ টিভি চেনেলে এই চৰ্চাক লৈ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে ছচিয়েল মিডিয়াতো চৰ্চা হৈছিল।

https://assamese.factcrescendo.com/deeplina-deka-is-not-joining-ajp/
Published by:Himangshu Bhuyan
First published: