উজনিৰ বজাৰ ভৰি পৰিছে ধুবুৰীৰ মাটি চাকিৰে, অসন্তুষ্ট স্থানীয় মৃৎ শিল্পৰ ব্যৱসায়ী

পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত বজাৰ উপচি পৰিছে মাটি চাকিৰে। মাটি চাকিৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে উজনিৰ বজাৰ ভৰি পৰিছে ধুবুৰীৰ পৰা অনা মাটি চাকিৰে।
পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত বজাৰ উপচি পৰিছে মাটি চাকিৰে। মাটি চাকিৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে উজনিৰ বজাৰ ভৰি পৰিছে ধুবুৰীৰ পৰা অনা মাটি চাকিৰে।
- News18 Assam
- Last Updated: November 14, 2020, 9:19 AM IST
পোহৰৰ উৎসৱ দীপাৱলীলৈ সকলো সাজু হোৱাৰ সময়তে বজাৰত বৃদ্ধি পাইছে মাটি চাকিৰ চাহিদা। পথৰ কাষত বহা অস্থায়ী বিপনীসমূহ ভৰি পৰিছে হাজাৰ বিজাৰ মাটি চাকিৰে।
যোৰহাট নগৰৰ বজাৰত দেখিবলৈ পোৱা গৈছে কাকডোঙা কুমাৰ গাঁৱৰ পৰা অনা মাটি চাকি। ইয়াৰ উপৰিও যোৰহাটৰ পানীচকুৱা, ধলী কুমাৰ গাঁও, নিমাতি আদি ঠাইটো নিৰ্মাণ কৰা হৈছে মাটি চাকি। এই চাকিসমূহ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হৈছে বিভিন্ন ঠাইলৈ।
" ধুবুৰীৰ পৰা ট্ৰাকে ট্ৰাকে অনা মাটি চাকিৰে বজাৰ ভৰি পৰিছে। ইয়াৰ ফলত আমাৰ থলুৱা উৎপাদনৰ বজাৰখন বেয়া হৈছে। বজাৰলৈ চাহিদাতকৈ অধিক চাকি আহিছে। গতিকে তুলনামূলকভাৱে বিক্ৰী কমিছে। কিন্তু গ্ৰাহকৰ সঁহাৰি আমি পাইছো। ", তোলন কলিতা নামৰ স্থানীয় মাটি চাকি বিক্ৰেতাগৰাকীয়ে এনেদৰে কয়।
লাখ লাখ মাটি চাকিৰে বজাৰ উপচি পৰাত ইয়াৰ মূল্যও কিছু হ্ৰাস পাইছে। যোৰহাটৰ থলুৱা মৃৎ শিল্পৰ ব্যৱসায়ীসকলক প্ৰত্যাহ্বান জনাই ধুবুৰীৰ মাটি চাকিয়ে বজাৰ দখল কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।