২০১৫ চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল অহংগবাম বেনথ’ই চানু।
২০১৫ চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল অহংগবাম বেনথ’ই চানু।
কৰুণ মৃত্যুক সাৱটিলে কাৰ্বি আংলং জিলাৰ বোকাজানৰ মেজিষ্ট্ৰেট অহংগবাম বেনথ’ই চানুৱে। বৃক্ক আৰু লিভাৰ জনিত ৰোগত আক্ৰান্ত হৈ মঙলবাৰে দেহাৱসান ঘটে ACS বিষয়াগৰাকীৰ।
বিগত দুদিন ধৰি স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰিছিল বিষয়াগৰাকীৰ। ফলত নাগালেণ্ডৰ এখন চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছিল। ইফালে স্বাস্থ্য অধিক অৱনতি ঘটাত চিকিত্সকে চেন্নাইলৈ ৰেফাৰ কৰিছিল যদিও এয়াৰ লিফটতে মৃত্যুক সাৱটি লয় দক্ষ প্ৰশাসনিক বিষয়াগৰাকীয়ে।
২০১৫ চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল অহংগবাম বেনথ’ই চানু।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|