যদি দেউতা বিদেশী আছিল তেওঁৰ মৃতদেহ বাংলাদেশলৈ প্ৰেৰণ কৰক, চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ঘোষিত বিদেশী দুলাল পালৰ পুত্ৰৰ ক্ষোভ

পৰিয়ালৰ লোকে চমজি নলয় দুলাল পালৰ মৃতদেহ। কৰ্তৃপক্ষক তেওঁৰ মৃতদেহ বাংলাদেশলৈ প্ৰেৰণ কৰাৰ আহ্বান।

News18-Assam
Updated:October 14, 2019, 4:39 PM IST
যদি দেউতা বিদেশী আছিল তেওঁৰ মৃতদেহ বাংলাদেশলৈ প্ৰেৰণ কৰক, চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ঘোষিত বিদেশী দুলাল পালৰ পুত্ৰৰ ক্ষোভ
পৰিয়ালৰ লোকে চমজি নলয় দুলাল পালৰ মৃতদেহ। কৰ্তৃপক্ষক তেওঁৰ মৃতদেহ বাংলাদেশলৈ প্ৰেৰণ কৰাৰ আহ্বান।
News18-Assam
Updated: October 14, 2019, 4:39 PM IST
তেজপুৰৰ ডিটেনচন কেম্পত দুই বছৰ বন্দি হৈ থকা ঘোষিত বিদেশী চিকিৎসাধীন অৱস্থাত মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া ৷ ঢেকিয়াজুলিৰ ঘোষিত বিদেশী দুলাল পালৰ মৃত্যুত ক্ষুব্ধ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছন ৷ পৰিয়ালেও মৃতদেহ চমজি নলয় নোলোৱাৰ ঘোষণা কৰিছে ৷ ১৯৬৫চনৰ ভূমি নথি পত্ৰ দাখিল কৰাৰ পিছতো দুলাল পালে নাপালে ৰেহাই ৷ হিন্দু বাঙালীক ষড়যন্ত্ৰমূলক ভাবে বিদেশী সজাই জেললৈ প্ৰেৰন কৰি মৃত্যু মুখলৈ ঠেলি দিয়াৰ অভিযোগেৰে ক্ষোভ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ।

ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত আলিচিঙাতৰ নিৱাসী দুলাল পালক ১৯৯৩চনত ‘ডি’ ভোটাৰ কৰা হয়। এই গোচৰ সন্দৰ্ভত দুলাল পালে বিদেশী ন্যায়াধিকৰণত যুঁজি আছিল যদিও বিদেশী ন্যায়াধিকৰণত বিদেশী ঘোষিত হোৱাৰ পাছত ২০১৭চনত সীমান্ত আৰক্ষীয়ে দুলাল পালক নিশা গ্ৰপ্তাৰ কৰি তেজপুৰস্থিত ডিটেনচন কেম্পত প্ৰেৰন কৰিছিল ৷ ঘোষিত বিদেশী দুলাল পাল ২বছৰ তেজপুৰ ডিটেনচন কেম্পত কটোৱাৰ পিছত বিগত ১৫দিন পূৰ্বে অসুস্থ হৈ পৰাত জেল কৰ্তৃপক্ষই দুলাল পালক জি এম চি এইচ চিকিৎসাৰ বাবে ভৰ্তি কৰিছিল৷ কিন্তু দেওবাৰে চিকিৎসাধীন অৱস্থাতে দুলাল পালে শেষ নিশ্বাস ত্যাগ কৰে। দুলাল পালৰ পৰিয়ালক মৃতদেহ চমজাই দিয়াৰ সন্দৰ্ভত যোগাযোগ কৰাত পৰিয়ালৰ লোকে মৃতদেহ চমজি নোলোৱাৰ কথা কয় ৷ সম্প্ৰতি দুলাল পালৰ মৃতদেহ জিএমচিএইচত ৰখা হৈছে ৷ মৃত দুলাল পালৰ পুত্ৰ অশোক পালে News18ৰ আগত কয়-১৯৬৫চনৰ ভূমিৰ নথি পত্ৰ সহ দুলাল পালৰ পিতৃৰ সকলো বৈধ নথি পত্ৰ দাখিল কৰাৰ পিছতো কেনেকৈ বিদেশী হ’ল? সন্দেজনক ভাবে আটক কৰি জেললৈ প্ৰেৰন কৰিছিল দুলাল পালক ৷ ক্ষুব্ধ পুত্ৰ অশোক পালৰ মন্তব্য যদি পিতৃ বিদেশী হয় তেনে হ’লে মৃতদেহ বাংলাদেশ চমজাই দিয়ক ৷আমি মৃতদেহ চমজি নলও৷সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সদৌ বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতা বিপ্লৱ দাসেও চৰকাৰক তীব্ৰ সামলোচনা কৰে৷হিন্দু বাঙালি লোক সকলক এনেদৰে ষড়যন্ত্ৰমূলক ভাবে বিদেশী সজাই মৃত্যুৰ মুখলৈ ঠেলি দিছে৷সংগঠনটোৰ নেতা জনে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি হিন্দু বাঙালি লোক সকলক ষড়যন্ত্ৰমূলক ভাবে বিদেশী সজোৱা বন্ধ কৰক ৷দুলাল পালৰ মৃতদেহ বাংলাদেশ গতাই দিয়ক  ৷ কাৰণ তেওঁ যদি বাংলাদেশী হয় পৰিয়ালক লোকক কি যুক্তিত মৃতদেহ চমজাই দিব বিচাৰিছে কৰ্তৃপক্ষই? সংগঠনটোৰ নেতা জনে কয় ৷ সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
আৰু চাওক পৰৱৰ্তী বাতৰি