আজি জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত ভিন্ন দিশত সিদ্ধান্ত লোৱা হয়। ৰাজ্যৰ নতুন কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।
-ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম চৰকাৰে মহাৰাষ্ট্ৰৰ ভিলেজ তিৱাৰী নামৰ ঠাইত মাটি কিনি নামঘৰ, কনফাৰেন্স হল, গেষ্ট হাউছ আৰু মিউজিয়াম স্থাপনৰ লগতে নবী মুম্বাইত অসম কমপ্লেক্স নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
-ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (National forensic science university) স্থাপন কৰা হ'ব অসমত। বৰ্তমান GMCHতে চলি থাকিব বিশ্ববিদ্যালয়খন।
-নিযুক্তিৰ পৰা ৰৈ যোৱা ৫৫ জন চিভিল ইঞ্জিনীয়াৰক পুনৰ নিযুক্তি দিয়াৰ সিদ্ধান্ত।
-Assam areal ropeway bill 2022 আনিবলৈ কেবিনেটৰ সিদ্ধান্ত।
-EWSৰ কোটাৰ নিয়মত সংশোধন। গাঁৱত ৩০ বিঘাৰ তলত মাটি থকা, যাৰ বছৰি আয় ৮ লাখৰ তলত, তেওঁলোকে সুবিধা পাব। আনহাতে নগৰাঞ্চলত ২ বিঘাৰ তলত আৰু ৮ লাখ টকাৰ কম আয় হ'লে তথা চহৰত ৮৬৪০ বৰ্গফুট মাটি, ২০০০ বৰ্গফুটৰ ঘৰ থাকিলেও আয় ৮ লাখৰ তলত হ'লে পাব EWSৰ সুবিধা।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|