হাজোৰ গেৰুৱাৰ ধান গৱেষণা কেন্দ্ৰ স্থানান্তৰ কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। হাজোৰ গেৰুৱাস্থিত 'আঞ্চলিক বৰষুণ নিৰ্ভৰশীল দ' ভূমি ধান গৱেষেণা কেন্দ্ৰ'ক ওড়িশাৰ কটকলৈ স্থানান্তৰিত কৰাৰ কথা পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ হাজোতেই জোৱাৰ উঠিছে প্ৰতিবাদৰ।
উল্লেখ্য যে অসম চৰকাৰে ১৯৯৭ চনৰ ১৫ ছেপ্টেম্বৰত সেই সময়ৰ কৃষিমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰচেষ্টাত ভাৰতীয় কৃষি গৱেষণা পৰিষদ(ICAR)দিল্লীৰ অধীনস্থ 'ৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ (NRRI)'ৰ মুখ্য কাৰ্যালয় ওড়িশাৰ কটকৰ অধীনত কামৰূপ জিলাৰ হাজোৰ গেৰুৱাত স্থাপন কৰিছিল।
ভাৰতীয় কৃষি গৱেষণা পৰিষদে হাজো গেৰুৱাস্থিত আঞ্চলিক বৰষুণ নিৰ্ভৰশীল দ' ভূমি ধান গৱেষণা কেন্দ্ৰটো গেৰুৱাৰ পৰা এনেদৰে ষড়যন্ত্ৰমূলকভাৱে স্থানান্তৰ কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত আজি দমদমা আঞ্চলিক ছাত্ৰ সন্থা, হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
আজিৰ এই এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰুবুল দাস প্ৰমুখ্যে কেইবাগৰাকী আছুৰ বিষয়ববীয়া উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।