মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Bamboo Bridge : প্ৰতাৰণাৰ প্ৰতীক হৈ পৰিছে এখন বাঁহৰ দলং। ১৯৮৫ৰ পৰাই পাইছে প্ৰতিশ্ৰুতি, পোৱা নাই দলংখনহে।

Bamboo Bridge : প্ৰতাৰণাৰ প্ৰতীক হৈ পৰিছে এখন বাঁহৰ দলং। ১৯৮৫ৰ পৰাই পাইছে প্ৰতিশ্ৰুতি, পোৱা নাই দলংখনহে।

News18 Assam | News18-Assam
Updated:June 20, 2021, 9:19 PM IST
Bamboo Bridge : প্ৰতাৰণাৰ প্ৰতীক হৈ পৰিছে এখন বাঁহৰ দলং। ১৯৮৫ৰ পৰাই পাইছে প্ৰতিশ্ৰুতি, পোৱা নাই দলংখনহে।
কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাৰ পৰা গাঁওবাসীৰ আশা যাতে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বাঁহৰ দলংখন পকী কৰি দিয়ে।

কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাৰ পৰা গাঁওবাসীৰ আশা যাতে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বাঁহৰ দলংখন পকী কৰি দিয়ে।

  • Share this:
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৱৰ দুৱাৰ মুখ অগৰাতলী বনাঞ্চল আৰু কঁহৰা বনাঞ্চলৰ কাষতেই থকা জাপৰি পথাৰ, কুৰুৱাবাহী  পাম, দেৰগঞা পাম, কান্ধুলীমাৰি, নগঞা পাম আদি গাঁৱৰ সংযোগপথত থকা এখন দলং ৷ স্বাধীনোত্তৰ কালৰ পৰা আজিও পকী নহ'ল দলংখন ৷ ডিফলু নদীৰ ওপৰত থকা দলংখন শেহতীয়াকৈ দেশী- বিদেশী পৰ্যটকৰ বাবেও আশ্চৰ্যৰ কাৰণ হৈ পৰিছে ৷ বাঁহৰ দলংখনে অঞ্চলটোৰ উন্নয়ন যে হোৱা নাই বছৰ বছৰ ধৰি প্ৰমাণ কৰি আহিছে ৷ বহু পৰ্যটকৰ কেমেৰাত বন্দী হৈ দলংখনে স্থান পাইছে বিদেশীৰ ঘৰৰ কোঠাত ৷

প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, গাঁওবাসীক এখন পকী দলং নিৰ্মাণ কৰি দিয়া ৷ ২০১৬ৰ পিছত ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনৰ সময়তো জনপ্ৰতিনিধি দিছিল দলঙৰ প্ৰতিশ্ৰুতি ৷ নিৰ্বাচিন গ'ল, বিধায়ক মন্ত্ৰীও হ'ল, কিন্তু সেইখন গাঁৱৰ ৰাইজৰ অভাৱবোৰ অভাৱ হৈয়ে থাকিল ৷ বাঁহৰ দলং পকী নহ'ল ৷ অৱশেষত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে বাঁহৰ সেই দলংখন ৷ ৯৩ নম্বৰ বোকাখাত বিধান সভা সমষ্টিৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত বান অধ্যুষিত বৃহত্তৰ অঞ্চলটোৰ যাতায়তৰ একামাত্ৰ সম্বল ডিফলু নদীৰ ওপৰত থকা বাঁহৰ দলংখনৰ কাহিনী এইয়া ৷ 

১৯৮৫ চনৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধিৰ গাঁওবাসীয়ে কেৱল প্ৰতিশ্ৰুতিহে পালে, কিন্তু কাৰ্যত আজি পৰ্যন্ত প্ৰতিশ্ৰুতিয়ে বাস্তৱ ৰূপ পোৱা নাই ৷ প্ৰায় ৬-৭ খন গাঁৱৰ যাতায়তৰ একমাত্ৰ সম্বল ডিফলু নদীৰ বাঁহৰ দলংখন সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰাত ব্যস্ত জাপৰিপথাৰ গাঁৱৰ ৰাইজ ৷

ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাৰ পৰা গাঁওবাসীয়ে বহু আশা কৰি এখন পকী দলঙৰ আশাত ২০১৬ আৰু ২০২১ চনত নিৰ্বাচিত কৰিছিল ৷ তেওঁৰ পৰাও গাঁওবাসীয়ে একো নাপালে ৷ ৰাইজৰ আশা, কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বাঁহৰ দলংখন পকী কৰি দিয়ক ৷
Published by: Manjumoni Borah
First published: June 20, 2021, 9:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি