অসমৰ গোপী বহু বিগ বছ-১৩লৈ!

বিগ বছ-১৩ ত দেখা যাব জনপ্ৰিয় হিন্দী ধাৰাবাহিক ‘ছাথ নিভানা ছাথিয়া’ৰ গোপীৰ চৰিত্ৰত অভিনয়েৰে জনপ্ৰিয় হোৱা অসমৰ দেবলীনা ভট্টাচাৰ্যক

News18-Assam
Updated:September 30, 2019, 6:13 PM IST
অসমৰ গোপী বহু বিগ বছ-১৩লৈ!
বিগ বছ-১৩ ত দেখা যাব জনপ্ৰিয় হিন্দী ধাৰাবাহিক ‘ছাথ নিভানা ছাথিয়া’ৰ গোপীৰ চৰিত্ৰত অভিনয়েৰে জনপ্ৰিয় হোৱা অসমৰ দেবলীনা ভট্টাচাৰ্যক
News18-Assam
Updated: September 30, 2019, 6:13 PM IST
সৰু পৰ্দাৰ জনপ্ৰিয় নায়িকা দেবলীনা ভট্টাচাৰ্য এইবাৰ সাজু হৈছে বিগ বছ ছিজন ১৩লৈ। সৰুপৰ্দাৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক লাভ কৰা অসমৰ দেৱলীনাই ইতিমধ্যে নিজৰ অভিনয়ৰ প্ৰতিভাৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বিগ বছৰ ১৩ সংখ্যক সংস্কৰণত অন্যান্য প্ৰতিযোগী সকলৰ লগতে ইতিমধ্যে বিগ বছৰ গৃহত প্ৰৱেশ কৰিছে অসমৰ দেবলীনাই।



বিগ বছৰ গৃহত দেবলীনাৰ ভাগত পৰিছে পাকঘৰৰ দায়িত্ব। দায়িত্ব সন্দৰ্ভত চলমান খানে দেবলীনাক প্ৰশ্ন কৰাত অসমৰ যুৱতীগৰাকীয়ে তেওঁ পাকঘৰৰ দায়িত্ব ভালেই পাই বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, দেবলীনাই ছাথ নিভানা ছাথিয়াৰ উপৰিও, কুণ্ডলী ভাগ্য, লাল ইস্ক আদি ভালেমান ধাৰাবাহিকত অভিনয় কৰি নিজৰ প্ৰতিভাৰ পৰিছয় দাঙি ধৰিছে।

কেইদিনমান পূৰ্বে কণ্ঠশিল্পী ভৃগু কাশ্যপৰ সৈতে এটা অসমীয়া গীতৰ ভিডিঅ’টো অভিনয় কৰিছিল দেৱলীনাই।

 
আৰু চাওক পৰৱৰ্তী বাতৰি