உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দেশ কঁপোৱা চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ গোচৰৰ আজি চূড়ান্ত ৰায়

    দেশ কঁপোৱা চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ গোচৰৰ আজি চূড়ান্ত ৰায়

    ঘটনা সংঘটিত হোৱাৰ তেৰ মাহ সম্পূৰ্ণ হোৱাৰ পাছত আজি উক্ত ঘটনাৰ চূৰান্ত ৰায় দিব আদালতে।

    ঘটনা সংঘটিত হোৱাৰ তেৰ মাহ সম্পূৰ্ণ হোৱাৰ পাছত আজি উক্ত ঘটনাৰ চূৰান্ত ৰায় দিব আদালতে।

    ঘটনা সংঘটিত হোৱাৰ তেৰ মাহ সম্পূৰ্ণ হোৱাৰ পাছত আজি উক্ত ঘটনাৰ চূৰান্ত ৰায় দিব আদালতে।

    • Share this:
    সমগ্ৰ দেশ কঁপোৱা টীয়ক চাহ বাগিচাৰ কৰ্মৰত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড ঘটনাৰ আজি চূড়ান্ত ৰায় দিব আদালতে। উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টত টীয়ক চাহ বাগিচাত চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ড ঘটনা সংঘটিত হৈছিল। চাহ বাগিচাৰ চমৰা মাঝি নামৰ এজন যুৱকৰ মৃত্যুক লৈ বাগিচাৰ এদল শ্ৰমিকে কৰ্মৰত অৱস্থাতে অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল জ্যেষ্ঠ চিকিৎসকগৰাকীক।দীৰ্ঘ সময় চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত উন্মত্ত শ্ৰমিকৰ দলটোৱে বাধা প্ৰদান কৰাত বিনা চিকিৎসাৰে মৃত্যুক আকোৱালি লৈছিল গুৰুতৰভাৱে আহত চিকিৎসকগৰাকীয়ে।

    ইয়াৰ পিছতেই চৌদিশে এই ঘটনাৰ উচিত ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল–সংগঠনে। সৰ্বভাৰতীয় পৰ্যায়ৰ চিকিৎসক সন্থাই চিকিৎসা সেৱা অচল কৰি দিয়াৰ হুংকাৰ দিছিল। দাবী তুলিছিল ফাষ্ট ট্ৰেক আদালতত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড বিচাৰৰ।

    যোৰহাট জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত বিচাৰাধীন এই গোচৰত যোৰহাট আৰক্ষীয়ে পাঁচদিনৰ ভিতৰতে এই ঘটনাৰে জড়িত ৩২জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ঘটনা সংঘটিত হোৱাৰ ২২ দিনৰ ভিতৰত ৬০২ পৃষ্ঠাৰ অভিযোগ পত্ৰ ৩২জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিছিল।

    ঘটনা সংঘটিত হোৱাৰ তেৰ মাহ সম্পূৰ্ণ হোৱাৰ পাছত আজি উক্ত ঘটনাৰ চূৰান্ত ৰায় দিব আদালতে। এই গোচৰত ইতিমধ্যে সঞ্জয় ৰাজোৱাৰ, সঞ্জীৱ ৰাজোৱাৰ, সুৰেশ ৰাজোৱাৰ, অজয় মাঝি, দেৱেশ্বৰ ৰাজোৱাৰ, উপেন্দ্ৰ ভুমিজ, ৰাতুল ৰাজোৱাৰ, বাবলু ৰাজোৱাৰ, অনিল মাঝি, অৰ্জুন মাঝি, অৰুণ মাঝি, বিজয় ৰাজোৱাৰ, বলিন ৰাজোৱাৰ, দীপক ৰাজোৱাৰ, গুলু দেৱ মাঝি, হৰি মাঝি, মিলন ৰাজোৱাৰ, প্ৰীতম মাঝি, ৰিংকু মাঝি, মিচিলাল মাঝি, সঞ্জু মাঝি, শিৱ চৰণ মাঝি, দেবা ৰাজোৱাৰ,কাৰ্তিক ভুমিজ, টকলু ৰাজোৱাৰ, কালিচৰণ মাহালি, ৰামেশ্বৰ ভূমিজ, শিবা মাহালি, ৰাহুল ৰাজোৱাৰ, কালানাগ মাঝি, মনোজ মাঝি আৰু ৰিংকু বাক্তি বৰ্তমান ন্যায়িক জিম্মাত আছে। ইয়াৰে চাৰিজন মৃত চমৰা মাঝিৰ পৰিয়ালৰ।

    ঘটনা সংঘটিত হোৱাৰ ১৩ মাহৰ অন্তত আজি চূড়ান্ত ৰায়ৰ প্ৰাকক্ষণত প্ৰয়াত চিকিৎসক দেবেন দত্তৰ পত্নী অপৰাজিতা দত্তই NEWS18ৰ আগত অৱগত কৰা অনুসৰি - অধীৰ আগ্ৰহেৰে বাট চাই আছে আজিৰ দিনটোলৈ। আদালতৰ ওপৰত সম্পূৰ্ণ আস্থা আছে বুলি কৈ তেওঁ কয়- " আজিৰ ৰায় হওক দৃষ্টান্তমূলক আৰু ঐতিহাসিক। সুনিশ্চিত হ'ব  চিকিৎসকৰ নিৰাপত্তা। আৰু এনে ঘটনা যাযে অনাগত দিনত কোনেও কৰিবলৈ সাহস নকৰিব, সেই ক্ষেত্ৰত দৃষ্টান্ত হ'ব এই ৰায়।"
    Published by:Sanjay Kumar Das
    First published: