জি-২০ সন্মিলনৰ অংশ হিচাপে (G20 Summit In Assam) অসমত হ'বলগীয়া য়ুথ-২০ (Y20) বৈঠকৰ সৈতে সংগতি ৰাখি আজি ধুবুৰী জিলাৰ অন্তৰ্গত কলেজসমূহৰ অংশগ্ৰহণেৰে ভোলানাথ কলেজৰ প্ৰেক্ষাগৃহত আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনু্ষ্ঠিত হয়৷ ধুবুৰী জিলাত চৰকাৰে ন'ডেল কলেজৰ দায়িত্ব দিয়া ভোলানাথ কলেজৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সৌজন্যত আয়োজিত তৰ্ক প্ৰতিযোগিতাখনত ৯খন কলেজৰ ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷
প্ৰতিযোগিতাৰ বিষয় আছিল সদনৰ মতে- 'অসমৰ যুৱ প্ৰজন্মৰ স্বনিয়োজনৰ ক্ষেত্ৰত নতুন শিক্ষা নীতি এক আশীৰ্বাদ৷' তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষতা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড০ বিদুলা শৰ্মাই৷ ভোলানাথ কলেজৰ অধ্যক্ষই আদৰণী ভাষণ দিয়াৰ পিছতে ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথে প্ৰতিযোগিতাখন উদ্বোধন কৰে৷
প্ৰতিযোগিতাত দলীয়ভাৱে প্ৰথম পুৰস্কাৰ লাভ কৰে ভোলানাথ কলেজৰ ৰাহুল ৰয় আৰু অমৃত পালে৷ দ্বিতীয় পুৰস্কাৰ লাভ কৰে ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ বনশ্ৰী দে' আৰু হাফিজা খাতুনে৷ তৃতীয় পুৰস্কাৰ লাভ কৰে চাপটগ্ৰাম কলেজৰ প্ৰেৰণা দত্ত আৰু পৰমজিৎ ৰয়ে৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে ভোলনাথ কলেজৰ ডালিমী ৰয়ে আৰু দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে চিলাৰায় কলেজৰ সত্যজিৎ মণ্ডলে৷
প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ভোলনাথ কলেজৰ অধ্যক্ষ, প্ৰতিযোগিতাৰ অধ্যক্ষ আৰু বিচাৰক প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷ কাইলৈ ভোলানাথ কলেজৰ প্ৰেক্ষাগৃহতে 'পৰিৱেশ পৰিৱৰ্তনৰ প্ৰভাৱ আৰু সম্পদ ব্যৱস্থাপনাৰ বিকল্প পদ্ধতিত ইয়াৰ ভূমিকা' শীৰ্ষক বিষয়ত এখন আলোচনাচক্ৰ অনুষ্ঠিত হ'ব৷ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ক্ৰমে বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক তথা গুৱাহাটীৰ বি বৰুৱা কলেজৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ জগদীন্দ্ৰ ৰয়চৌধুৰী আৰু পৰিৱেশবিদ, লেখক তথা নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত ৷ আলেচনা-চক্ৰত গৱেষণা পত্ৰ পাঠ কৰিব কেইবাগৰাকী শিক্ষাৰ্থীয়ে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|