গাভৰুৰ আঠাইছ শিলত ফুৰিবলৈ গৈ একাংশ লোকৰ নৃশংসতাৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছিল দেৱশীষ গগৈ নামৰ এজমন ২৪ বছৰীয়া যুৱকে। এই ঘটনাৰ পিছতে গাভৰু চাহ বাগিচাৰ পৰিচালকৰ ভুমিকাক লৈও এতিয়া উঠিছে প্ৰশ্ন।
আঠাইছ শিল চাবলৈ যোৱা দেৱাশীষক পৰিচালকৰ নিৰ্দেশত বাধা প্ৰদান কৰিছিল চকীদাৰে।ইয়াৰ পাছতে চকীদাৰ আৰু পৰিচালক বলবীৰ সিঙৰ সৈতে সংঘাত হৈছিল দেৱাশীষৰ। দুৰ্ঘটনা সংঘটিত হোৱা পাছতে একাংশ লোকে পৰিচালকৰ সন্মুখতে দেৱাশীষ আৰু বন্ধু আদিত্যক প্ৰহাৰ কৰিছিল। পৰিচালক দ্বয়ে গ্ৰহণ কৰিছিল নীৰৱ দৰ্শকৰ ভূমিকা। আনকি এশমিটাৰ দূৰৈত থকা গাভৰু সীমান্ত নীৰিক্ষণ চকীটো খবৰ দিয়া নাছিল পৰিচালকে।পৰিচালকৰ নিৰ্দেশত দুৰ্ঘটনাত আহত তিনিগৰাকী শ্ৰমিকক বাগিচাৰ এম্বুলেন্সেত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও দেৱাশীষ আৰু আদিত্যক উদ্ধাৰ কৰিবলৈ লোৱা নাছিল কোনো ব্যৱস্থা।
দেৱাশীষৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে বাগিচা পৰিচালকক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল। ইয়াৰ পাছতে মঙলবাৰে নিশা গাভৰু চাহ বাগিছাৰ কাৰ্যালয়ৰ পৰা মৰিয়নী আৰক্ষীয়ে আটক কৰি আনে পৰিচালকদ্বয় বলবীৰ সিঙ আৰু জয়জীৎ ক'লক। মঙলবাৰে নিশা মৰিয়নী আৰক্ষীয়ে পৰিচালক দ্বয়ক সোধ পোছ চলোৱাৰ অন্তত পুৱা মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|