মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘তোৰ ল’ৰা মৰিল, তয়ো মৰিবি’ – দেৱাশিসক হত্যা কৰা উন্মাদ একাংশই উদ্ধাৰ কৰিবলৈ যোৱা পিতৃকো দিছিল হুংকাৰ

‘তোৰ ল’ৰা মৰিল, তয়ো মৰিবি’ – দেৱাশিসক হত্যা কৰা উন্মাদ একাংশই উদ্ধাৰ কৰিবলৈ যোৱা পিতৃকো দিছিল হুংকাৰ

News18 Assam | News18-Assam
Updated:May 31, 2020, 7:40 PM IST
‘তোৰ ল’ৰা মৰিল, তয়ো মৰিবি’ – দেৱাশিসক হত্যা কৰা উন্মাদ একাংশই উদ্ধাৰ কৰিবলৈ যোৱা পিতৃকো দিছিল হুংকাৰ
অতি সংকটজনক অৱস্থাত পিতৃয়ে দেৱাশিসক নিজৰ গাড়ীত উঠাবলৈ চেষ্টা কৰা সময়ত এজনো লোক সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল।

অতি সংকটজনক অৱস্থাত পিতৃয়ে দেৱাশিসক নিজৰ গাড়ীত উঠাবলৈ চেষ্টা কৰা সময়ত এজনো লোক সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল।

  • Share this:
শুকুৰবাৰে মৰিয়নীৰ গাভৰু পৰ্বত চাহ বাগিচাত এটা দুৰ্ঘটনাৰ পাছতে দেৱাশিস গগৈ নামৰ এজন যুৱক গণপ্ৰহাৰ বলি হৈ মৃত্যুক আকোঁৱালি লোৱাৰ পিছতে এই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। ইতিমধ্যে যুৱকজনৰ পৰিয়ালে আৰক্ষীক দাখিল কৰা এজাহাৰৰ ভিত্তিত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত গাভৰু চাহ বাগিচাৰ চাৰিজন লোক ক্ৰমে আশিস নায়ক, শচীন চাওৰা, অশোক চাওৰা আৰু ৰাধেশ্যাম কুৰ্মীক আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে।

আনহাতে, ঘটনা সন্দৰ্ভত News18ৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ আঁৰৰ কাহিনী।শুকুৰবাৰে গাভৰু আঠাইশিল পৰিদৰ্শনৰ বাবে দেৱাশিসৰ লগত গৈছিল এটা সাতজনীয়া বন্ধুৰ দল। যুৱকৰ দলটোক গাভৰু আঠাইশ শিলত প্ৰৱেশত বাধা দিছিল বাগিচাখনৰ দুজন চকীদাৰে। তাকে লৈ চকীদাৰ দুজনৰ সৈতে দেৱাশিস আৰু বন্ধু দলটোৰ মাজত সৃষ্টি হয় সংঘাত। সেই সময়ত ঘটনাস্থলীত উপস্থিত হোৱা বাগিচাখনৰ এজন পৰিচালকে যুৱকৰ দলটোক আঠাইশ শিলত প্ৰৱেশ কৰাতো নিষিদ্ধ বুলি জানিবলৈ দি দলটোক উভতি যাবলৈ কয়।

আনহাতে পৰিচালকৰ সন্মুখতে দেৱাশিস আৰু চকীদাৰ দুজন মাৰপিটত লিপ্ত হয়। মাৰপিটৰ মাজতে দেৱাশিসৰ এজন বন্ধুৱে সমগ্ৰ ঘটনা ম'বাইলত ৰেকৰ্ডিং কৰি থাকোতে চকীদাৰ দুজনে ম'বাইলটো বন্ধুজনৰ হাতৰ পৰা কাঢ়ি লয়। ইয়াৰ পাছতে আদিত্য নামৰ বন্ধুজনৰ সৈতে দেৱাশিস এখন স্কুটীত গাভৰু চাহ বাগিচাৰ কল ঘৰৰ সন্মুখেৰে তীব্ৰবেগত যাবলৈ চেষ্টা কৰোতে কলঘৰৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই তিনিজন শ্ৰমিকক খুন্দা মাৰি পৰি যায়।

ইয়াৰ পাছতে কলঘৰৰ পৰা কাম ছুটী কৰি ওলাই অহা একাংশ শ্ৰমিক যুৱক দুজনৰ ওপৰত জপিয়াই পৰে। আনহাতে, বাগিচাৰ পৰিচালকৰ নিৰ্দেশত আহত শ্ৰমিক তিনিজনক বাগিচাৰ এম্বুলেন্সেৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও যুৱক দুজন তাতে পৰি ৰয়। ফলত একাংশ লোকে দুৰ্ঘটনা সংঘটিত কৰা স্কুটীখনৰ চালক আদিত্য দাস আৰু দেৱাশিসক নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ লয়।

বাগিচা পৰিচালকৰ সন্মুখতে একাংশ লোকে যুৱক দুজনক প্ৰহাৰ কৰিছিল যদিও বাধা প্ৰদান কৰাৰ পৰিৱৰ্তে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে বাগিচা পৰিচালক আৰু জনকল্যাণ বিষয়াগৰাকীৰ বিৰুদ্ধে। স্থানীয় এজন লোকৰ যোগেদি দেৱাশিসৰ দুৰ্ঘটনাৰ বিষয়ে পিতৃ অৱগত হৈ ঘটনা স্থলীত উপস্থিত হয়। পিতৃৰ লগত আছিল দেৱাশিষৰ ভগ্নী আৰু ঘৰৰ কাষৰ এজন যুৱক।

পুত্ৰক উদ্ধাৰ কৰিবলৈ যোৱা পিতৃ আৰু ভগ্নীক উত্তেজিত লোকসকলে বাধা প্ৰদান কৰিছিল। ‘তোৰ লৰা মৰিল তয়ো মৰিবি’ বুলি ভাবুকি দি গাড়ীত বহি থাকিবলৈ বাধ্য কৰাইছিল পিতৃক। আনহাতে, দেৱাশিসক  উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা পুতুল মাঝি নামৰ যুৱকজনকো প্ৰহাৰ কৰে উন্মাদ দলটোৱে। মানৱ ৰূপী নৰপিশাচৰ দলটোৱে পিতৃ আৰু ভগ্নীৰ সন্মুখতে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল দেৱাশিসক। কিন্ত দীৰ্ঘ সময়ৰ পিছতো উপস্থিত হোৱা নাছিল দেবেৰাপাৰ আৰক্ষী।

অতি সংকটজনক অৱস্থাত পিতৃয়ে দেৱাশিসক নিজৰ গাড়ীত উঠাবলৈ চেষ্টা কৰা সময়ত এজনো লোক সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল। আনহাতে, ৰাজ্য চৰকাৰে এই নাৰকীয় ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ লগতে যোৰহাটৰ অতিৰিক্ত উপায়ুক্তক বিশ্বজিত ফুকনক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে।
First published: May 31, 2020, 7:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি