আঢ়ৈ মাৰৰ মূৰত ৰাজ্য কঁপাই যোৱা মৰিয়নীৰ দেবাশীস জ্যোতি গগৈৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া আৰক্ষীয়ে সম্পূৰ্ণ কৰি অভিযোগ নামা দাখিল কৰিছে আদালতত।
আঢ়ৈ মাৰৰ মূৰত ৰাজ্য কঁপাই যোৱা মৰিয়নীৰ দেবাশীস জ্যোতি গগৈৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া আৰক্ষীয়ে সম্পূৰ্ণ কৰি অভিযোগ নামা দাখিল কৰিছে আদালতত।
কোনে পাহৰিব সেই দিনটোৰ কথা! ৰাস্তাতে একাংশ উন্মাদ জনতাই মৰিয়াই মৰিয়াই মাৰি পেলাইছিল দেৱাশীস গগৈ নামৰ যুৱকজনক। সেই ঘটনাৰ আজি আঢ়ৈ মাহ পাৰ হ’ল। আঢ়ৈ মাৰৰ মূৰত ৰাজ্য কঁপাই যোৱা মৰিয়নীৰ দেবাশীস জ্যোতি গগৈৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া আৰক্ষীয়ে সম্পূৰ্ণ কৰি অভিযোগ নামা দাখিল কৰিছে আদালতত।
উল্লেখ্য যে, যোৱা ২৯ মে'ত বিয়লি কেইজনমান বন্ধুৰ সৈতে মৰিয়নীৰ গাভৰুত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ উভটি অহাৰ সময়ত এটা সাধাৰণ দুৰ্ঘটনাক কেন্দ্ৰ কৰি একাংশ উন্মাদ লোকে মৰিয়াই মৰিয়াই মাৰি পেলাইছিল দেৱাশীসক।
ঘটনাৰ আঢ়ৈ মাহৰ অন্তত হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি শুকুৰবাৰে তদন্তকাৰী বিষয়া তথা মৰিয়নী চক্ৰ আৰক্ষী বিষয়া ৰাজেন বৰাই তিতাবৰস্থিত ছেছন আদালতত ৪১৬ পৃষ্ঠাৰ অভিযোগ নামা দাখিল কৰে। আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৮ গৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰা হৈছে। লগতে হত্যাকাণ্ডৰ উপযুক্ত প্ৰমাণো ইতিমধ্যে সংগ্ৰহ কৰিছে আৰক্ষীয়ে।
তদন্ত কালত আৰক্ষীয়ে গণ প্ৰহাৰৰ লগত জড়িত দোষী ব্যক্তি সকলক গোচৰীয়া পক্ষৰ দ্বাৰা কাৰাগাৰাত চিনাক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে অপৰাধী কেইজনৰ হাতৰ পৰা দেৱাশীসৰ ম'বাইল ফোন আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰমাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।অভিযুক্ত সকলৰ মাজৰে দুগৰাকী ৰাজ সাক্ষী হ'বলৈ সাজু হোৱা বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে, দেৱাশীস হত্যাকাণ্ডৰ তদন্ত কৰিবৰ বাবে যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত গঠন কৰা হৈছিল এটা চাৰিজনীয়া তদন্তকাৰী দল।মন কৰিবলগীয়া যে, সাংসদ তপন গগৈয়ে প্ৰয়াত দেৱাশীস গগৈৰ ঘৰত উপস্থিত হৈ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ যোগেদি কৰাব বুলি দিছিল প্ৰতিশ্ৰুতি। কিন্তু ফাষ্ট্ৰ ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলা সন্দৰ্ভত বৰ্তমানলৈকে দেৱাশীস গগৈৰ পৰিয়ালবৰ্গক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অৱগত কৰোৱা নাই বুলি পিতৃ দেৱজীৎ গগৈয়ে সাংবাদিকক জানিবলৈ দিয়ে।
এতিয়া দেৱাশীসৰ পিতৃ-মাতৃয়ে ন্যায়ালয়ে তেওঁলোকক ন্যায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা লগতে হত্যাকাৰীক ফাঁচী দিবৰ বাবে দাবী জনাইছে। আঢ়ৈ মাহজোৰা আৰক্ষীৰ তদন্ত আৰু অভিযোগ নামাৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিছে দেৱাশীস গগৈৰ হত্যাকাণ্ডৰ ন্যায় প্ৰক্ৰিয়া।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|