মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দেৱাশীষ হত্যাকাণ্ডৰ মূল অভিযুক্ত বাগিচাৰ পৰিচালক! জিলা উপায়ুক্তক অভিযোগ পত্ৰ

দেৱাশীষ হত্যাকাণ্ডৰ মূল অভিযুক্ত বাগিচাৰ পৰিচালক! জিলা উপায়ুক্তক অভিযোগ পত্ৰ

News18 Assam | News18-Assam
Updated:June 4, 2020, 8:43 AM IST
দেৱাশীষ হত্যাকাণ্ডৰ মূল অভিযুক্ত বাগিচাৰ পৰিচালক! জিলা উপায়ুক্তক অভিযোগ পত্ৰ
দেৱাশীষ হত্যাকাণ্ড বাগিচা মুখ্য পৰিচালক আৰু সহঃ পৰিচালকৰ উপস্থিতিত আৰু নিৰ্দেশত হোৱাৰো অভিযোগ উত্থাপন কৰি শীঘ্ৰ পৰিচালকদ্বয়ক গ্ৰেপ্তাৰৰ দাবী কৰিছে।

দেৱাশীষ হত্যাকাণ্ড বাগিচা মুখ্য পৰিচালক আৰু সহঃ পৰিচালকৰ উপস্থিতিত আৰু নিৰ্দেশত হোৱাৰো অভিযোগ উত্থাপন কৰি শীঘ্ৰ পৰিচালকদ্বয়ক গ্ৰেপ্তাৰৰ দাবী কৰিছে।

  • Share this:
প্ৰকৃতিৰ নন্দন কানন ঐতিহাসিক গাভৰু পাহাৰত দীৰ্ঘদিনৰ পৰা বহিৰাগত বণিয়া গোষ্ঠীৰ অবাধ আগ্ৰাসন চলি আহিছে। আঠাইছ শিল পৰ্যটন স্থলী সৰ্ম্পূভাৱে বন্ধ কৰিবৰ বাবে গাভৰু চাহ বাগিচাৰ মালিক পক্ষই চলাই আহিছিল চক্ৰান্ত। দুবছৰ পূৰ্বে আঠাইছ শিললৈ যোৱা মূল পথটো বন্ধ কৰি  দিছিল বাগিচাৰ মালিক পক্ষই। পৰিচালকৰ নিৰ্দেশত সাধাৰণ লোকৰ বাবে প্ৰৱেশ নিষিদ্ধ হৈছিল আঠাইছশিলত।

আনহাতে গাভৰু চাহ বাগিচাৰ কুকাৰ্যৰ বিৰুদ্ধে যোৰহাট জিলা উপায়ুক্তৰ ওচৰত এখন অভিযোগ নামা দাখিল কৰিছে মৰিয়নীৰ চেলেংহাটৰ এজন সচেতন ব্যক্তিয়ে। চেলেংহাটৰ বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক দিগন্ত নেওগে জিলা উপায়ুক্তক প্ৰদান কৰা অভিযোগ নামাত ২০১৮ চনৰ পৰা সংগম ডেভক'ন প্ৰাইভেট লিমিটেড কোম্পানীৰ অধীনস্থ গাভৰু চাহ বাগিচাই আঠাইছ শিলৰ প্ৰৱেশ পথ বন্ধ কৰি ৰখা লগতে চৰকাৰী মাটি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

দেৱাশীষ হত্যাকাণ্ড বাগিচা মুখ্য পৰিচালক আৰু সহঃ পৰিচালকৰ উপস্থিতিত আৰু নিৰ্দেশত হোৱাৰো অভিযোগ উত্থাপন কৰি শীঘ্ৰ পৰিচালকদ্বয়ক গ্ৰেপ্তাৰৰ দাবী কৰিছে।আনহাতে, কল ঘৰৰ সন্মুখত দুৰ্ঘটনাত পতিত হোৱাৰ পিছত তিনিজন শ্ৰমিকক বাগিচাৰ এম্বুলেন্সত তুলি চিকিৎসালয়লৈ প্ৰেৰণ কৰা বিপৰীতে দেৱাশীষ আৰু বন্ধু আদিত্যক দুৰ্ঘটনাস্থলীৰ পৰা বাগিচা পৰিচালকে উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই জঘন্য ঘটনাটো সংঘটিত হোৱা বুলি পত্ৰখনত উল্লেখ কৰিছে।

দেৱাশীষ আৰু বন্ধু আদিত্যক কল ঘৰৰ ভিতৰত আবদ্ধ কৰি উত্তেজিত লোকসকলৰ কবলৰ পৰা বাগিচা পৰিচালকে ৰক্ষা নকৰাৰ ৰহস্য কি বুলিও প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উপৰি ঘটনা সংঘটিত হোৱা পিছত নিচেই সমীপতে থকা গাভৰু সীমান্ত নিৰীক্ষণ চকীত বাগিচা পৰিচালকে খবৰ নিদি উত্তেজিত লোক সকলক দেৱাশীষৰ ওপৰত অত্যাচাৰ চলাবলৈ সুযোগ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে।

অন্যহাতে, আঠাইছ শিলৰ মূল পথৰ গেট বন্ধ কৰি অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক কেঁচা পাত অনাত বাগিচা পৰিচালকে বাধা প্ৰদান কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে পত্ৰখনত। এই ক্ষেত্ৰত চেলেংহাটৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে গাভৰু চাহ বাগিচা পৰিচালকক পথটো মুকলি কৰি দিবলৈ কেইবাবাৰো আবেদন কৰিছিল যদিও গুৰুত্ব প্ৰদান নকৰা বুলি জিলা উপায়ুক্ত গৰাকীক প্ৰদান কৰা অভিযোগনামাত উল্লেখ কৰিছে। জিলা উপায়ুক্তক শীঘ্ৰে গাভৰু চাহ বাগিচাৰ কবলৰ পৰা আঠাইছ শিল পৰ্যটন স্থলী মুক্ত কৰিবৰ বাবেও দাবী জনাইছে অভিযোগ কাৰী দিগন্ত নেওগে।
First published: June 4, 2020, 8:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি