உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দেৱাশীস হত্যাৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত আছুৰ থানা ঘেৰাও, ন্যায় বিচাৰি প্ৰতিবাদত বহিল পিতৃ-মাতৃও

    দেৱাশীস হত্যাৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত আছুৰ থানা ঘেৰাও, ন্যায় বিচাৰি প্ৰতিবাদত বহিল পিতৃ-মাতৃও

    উল্লেখ্য যে, ২৯ মে তাৰিখে সংঘটিত হৈছিল দেৱাশীস গগৈৰ হত্যাকাণ্ড। ঘটনাৰ তদন্ত কৰিবলৈ যোৰহাট জিলা প্ৰশাসনে দণ্ডাধীশ বিশ্বজীৎ ফুকনৰ নেতৃত্বত এখন তদন্ত কমিটী গঠন কৰি দিয়া দিছিল।

    • Share this:
    গাভৰু বাগিচাত একাংশ উন্মাদ লোকৰ আক্ৰমণৰ ফলত মৃত্যুক আঁকোৱালি লোৱা দেৱাশীস জ্যোতি গগৈৰ হত্যাৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন প্ৰকাশ নকৰাৰ প্ৰতিবাদত আছুৱে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, ২৯ মে তাৰিখে সংঘটিত হৈছিল দেৱাশীস গগৈৰ হত্যাকাণ্ড। ঘটনাৰ তদন্ত কৰিবলৈ যোৰহাট জিলা প্ৰশাসনে দণ্ডাধীশ বিশ্বজীৎ ফুকনৰ নেতৃত্বত এখন তদন্ত কমিটী গঠন কৰি দিয়া দিছিল। আৰু তদন্তৰ প্ৰতিবেদন ৭ দিনৰ ভিতৰত প্ৰকাশ কৰাৰো প্ৰতিশ্ৰুতি দিছিল। কিন্তু ঘটনাৰ  ৯৮ দিন উকলি যোৱাৰ পিছতো আজিলৈকে ৰাজহুৱা নহ’ল প্ৰতিবেদন।

    ফলত এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন জাতীয় দল সংগঠন। দেৱাশীস জ্যোতি গগৈ মৃত্যুক লৈ যোৰহাট জিলা প্ৰশাসনে ভেঙুচালি কৰাৰ অভিযাগ উত্থাপিত কৰিছে সদৌ অসম ছাত্ৰ সন্থা সহ বহুকেইটা জাতীয় দল-সংগঠনে ৷

    দল সংঘটনৰ প্ৰতিবাদত সেও মানি ২৭ আগষ্টৰ ভিতৰত তদন্তৰ প্ৰতিবেদন ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ লগতে গাভৰু চাহ বাগিচাৰ পৰিচালকক তদন্তৰ আওতালৈ অনা হ'ব বুলি প্ৰশাসনে প্ৰতিবাদকাৰী সকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু প্ৰতিশ্ৰুতিৰ ১০ দিন অতিক্ৰম কৰাৰ পাছতো ন’ললে কোনো ব্যৱস্থা। ফলত ২৮ আগষ্টত পুনৰ প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় সংগঠন কেইটাই। ন্যায় বিচাৰি প্ৰতিবাদত দেৱাশীস জ্যোতি গগৈৰ পিতৃ দেৱজিৎ গগৈ, মাতৃ ৰুমী গগৈয়েও অংশগ্ৰহণ কৰে।
    Published by:Himangshu Bhuyan
    First published: