পূৰ্বে মৰিয়নিৰ গাভৰু পৰ্বত চাহ বাগিচাত একাংশ নৰপিশাচৰ নৃশংসতাৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছিল দেৱশিস গগৈ নামৰ এজন ছাত্ৰই। ২০২০ চনৰ ২৯ মে'ৰ বিয়লি সংঘটিত সেই ভয়ংকৰ ঘটনাটো সুঁৱৰিলে আজিও বহুতৰ বুকু কঁপি উঠে। একমাত্ৰ সন্তানক অকালতে হেৰুওৱাৰ বেদনা বুকুত বান্ধি তিনিবছৰে ন্যায়ৰ অপেক্ষাত আছে দেৱাশিসৰ দুৰ্ভগীয়া পিতৃ-মাতৃ।
সেই সময়ত দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত চলিব বুলি শাসনাধিস্থিত চৰকাৰৰ সাংসদ তথা মন্ত্ৰী-বিধায়ক দেৱাশিসৰ গৃহত উপস্থিত হৈ পিতৃ দেৱজিত গগৈৰ লগতে পৰিয়ালৰ লোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বৰ্তমান অতি লেহেমীয়া গতিৰে যোৰহাট সত্ৰ ন্যায়াধীশ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাত ন্যায় পোৱাক লৈ সন্দিহান হৈ পৰিছে দেৱাশিসৰ পিতৃ-মাতৃ।
উল্লেখ যে কেইবাগৰাকীও বন্ধুৰ সৈতে ২০২০ চনৰ ২৯ মে'ৰ বিয়লি গাভৰু আঠাইছ শিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা অৱস্থাত গাভৰু পৰ্বত চাহ বাগিচাৰ কল ঘৰৰ সন্মুখতে এটা সৰু দুৰ্ঘটনাক কেন্দ্ৰ কৰি বাগিচাৰ একাংশ শ্ৰমিকে বৰ্বৰভাৱে প্ৰহাৰ কৰিছিল ২২ বৰ্ষীয় দেৱাশিস গগৈক।
![]()
পিতৃ দেৱজিত গগৈ আৰু ভগ্নীৰ সন্মুখতে হৃদয়হীন একাংশ পাষণ্ডই ঘুচিয়াই,গুৰিয়াই তথা কলম দিয়া কটাৰীৰ গাদীৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা ফলত গুৰুতৰভাৱে আহত হৈছিল দেৱাশিস।মুৰ্মূষু অৱস্থাত দেৱাশিসক প্ৰথমে চুঙী লাহিং মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়।
আনহাতে ৩০ মে'ৰ দিনা চিকিৎসাধীন অৱস্থাতে দেৱাশিসে কৰুণ ভাৱে মৃত্যুক আঁকোৱালি লয়।ইয়াৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে দোষীক ফাঁচি দিয়াৰ দাবী উত্থাপন হৈছিল।
চৰকাৰ প্ৰশাসনৰ মন্ত্ৰী, বিষয়া তথা বহু দল–সংগঠনৰ বহু নেতা দেৱাশিসৰ গৃহত সেইসময়ত উপস্থিত হৈ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিছিল। আৰক্ষীয়ে সেই সময়ত কুৰিৰো অধিক অভিযুক্তক আটক কৰিছিল যদিও বৰ্তমান ওঠৰগৰাকী অভিযুক্তৰ বিৰুদ্ধে আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু ৰহস্যজনক কাৰণত বিচাৰ প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰা বুলি সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰিছে দেৱাশিস গগৈৰ পিতৃ–মাতৃয়ে। "প্ৰতিটো তাৰিখতে ন্যায় পোৱাৰ আশাত আদালতত উপস্থিত হওঁ।কিন্তু নিৰাশ হৈ উভতি আহোঁ সদায়। বুকুত একুৰা জীয়া জুই লৈ ন্যায় লাভৰ আশাত আৰু কিমান দিন অপেক্ষা কৰিব লাগিব"? বুলি প্ৰশ্ন উত্থাপন কৰে দেৱাশিসৰ মাতৃয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|