‘কি লাভ মই জীয়াই থাকি, এক মাত্ৰ ল’ৰাটোকে কাঢ়ি লৈ গ’ল। বহুতে নিৰৱ দৰ্শক হৈ চাই থাকিল। মানুহ মাৰি যদি হেঁপাহ পলোৱা নাই তেন্তে মোকো মাৰি পেলাওক। মাৰি পেলাওক আমাৰ পৰিয়ালটোক।’-পুত্ৰৰ শোকত এয়া এজন দুৰ্ভগীয়া পিতৃৰ কৰুণ আৰ্তনাদ।
যেন পুনৰাবৃত্তি হ’ল অভি-নীল হত্যাকাণ্ডৰ! সভ্য সমাজক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা সংঘটিত হ’ল মৰিয়নীত। মৰিয়নীৰ গাভৰু পৰ্বতত পিতৃ আৰু ভগ্নীৰ সন্মুখতে মৰিয়াই মৰিয়াই মাৰি পেলালে দেৱাশীষ গগৈ নামৰ ২৪ বছৰীয়া এজন যুৱকক। বহুতে আনকি বাধা দিয়াৰ পৰিৱৰ্তে নিৰৱ দৰ্শক হৈ চাই ৰ’ল সমগ্ৰ ঘটনা। ঘটনাৰ সন্দৰ্ভত ৪টা পাষণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ঘটনা অনুসৰি, মৰিয়নীৰ গাভৰু পৰ্বতত আদিত্য নামৰ এজন যুৱকৰ সৈতে স্কুটীত প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ গৈছিল দেৱাশীষ গগৈ। গৈছিল এখন বাগিচাৰ মাজেৰে। কিন্তু ৰাস্তাত এজন লোকৰ সৈতে কিছু তৰ্কা-তৰ্কি হয় দেৱাশীষৰ। পিছত গাভৰু আঠাইশ শিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ঘূৰি আহোতে বাটত দুগৰাকী মহিলাক সামান্য আঘাত কৰে দেৱাশীষৰ স্কুটীখনে। আৰু সেই সামান্য কথাতে উন্মাদ হৈ দেৱাশীষৰ ওপৰত জপিয়াই পৰে প্ৰায় ৬০ জন লোক। দেৱাশিষক মাটিত বগৰাই গচকি নিৰ্মমভাৱে প্ৰহাৰ কৰে পাষণ্ডৰ দলে।দেৱাশিষক ৰক্ষা কৰিবলৈ চেষ্টা কৰা বন্ধু আদিত্য দাসো গুৰুত্বভাৱে আহত হয় এই ঘটনাত।
পিছত যেতিয়া ঘটনাৰ সন্দৰ্ভত দেৱাশীষৰ পিতৃয়ে খবৰ পাই তেতিয়া বায়েকৰ সৈতে ঘটনাস্থলীলৈ আহে। কিন্তু উদ্ণ্ড লোকসকলে পিতৃ আৰু ভগ্নীক গাড়ীতে আবদ্ধ কৰি ৰাখে। আৰু গাড়ীৰ পৰা নামিলেই প্ৰহাৰ কৰাৰ ভাবুকি দিয়ে। পিছত দেৱাশীষক চিকিত্সালয়লৈ আনিবলৈও বাধা প্ৰদান কৰে পাষণ্ড কেইটাই। বহু পলমকৈ চিকিত্সালয়লৈ অনা হয় যদিও চিকিত্সালয়তে মৃত্যু হয় দেৱাশীষৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|