মুখ্যপৃষ্ঠা »খবৰ »অসম »Jonmani Rabha Case: SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কেতিয়া কৰিব CBIয়ে, ৰাজ্য চৰকাৰে চিঠিয়েই লিখা নাইঃ দেৱব্ৰত শইকীয়া

Jonmani Rabha Case: SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কেতিয়া কৰিব CBIয়ে, ৰাজ্য চৰকাৰে চিঠিয়েই লিখা নাইঃ দেৱব্ৰত শইকীয়া

আৰক্ষী বিষয়াৰ সম্পত্তিৰ তদন্ত কৰি ৰাইজৰ ধন আত্মসাতেৰে গঢ়া সম্পত্তি জব্দ কৰকঃ দেৱব্ৰত শইকীয়া

আৰক্ষী বিষয়াৰ সম্পত্তিৰ তদন্ত কৰি ৰাইজৰ ধন আত্মসাতেৰে গঢ়া সম্পত্তি জব্দ কৰকঃ দেৱব্ৰত শইকীয়া

আৰক্ষী বিষয়াৰ সম্পত্তিৰ তদন্ত কৰি ৰাইজৰ ধন আত্মসাতেৰে গঢ়া সম্পত্তি জব্দ কৰকঃ দেৱব্ৰত শইকীয়া

  • Share this:
SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা আৰু নকল সোণৰ বিষয়ক গোচৰৰ তদন্তৰ দায়িত্ব ল'বলৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে যদিও CBIলৈ চিঠিয়ে এতিয়ালৈকে লিখা নাই বুলি দাবী কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ লগতে সকলো আৰক্ষী বিষয়াৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ ওপৰত গোপন তদন্তৰ দাবী কৰিলে দেৱব্ৰত শইকীয়াই ৷

ৰহস্যৰ আৱৰ্ততত SI জোনমণি ৰাভাৰ মৃত্যু ৷ হত্যা নে আত্মহত্যা? নে দুৰ্ঘটনা? জড়িত আছে নেকি নকল সোণ চক্ৰ? এই সমগ্ৰ বিষয়কলৈ ৰুজু হোৱা গোচৰবোৰ CBI লৈ হস্তান্তৰ কৰা হ'ব বুলি দাবী কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ আৰক্ষী সঞ্চালক প্ৰধানৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো এই বিষয়ত CBIয়ে তদন্ত কৰিব বুলি দাবী কৰিছিল ৷

CBIয়ে পিছে কেতিয়া ৰুজু কৰিব গোচৰ? কেতিয়া আৰম্ভ কৰিব তদন্ত? এই বিষয়ত বৃহস্পতিবাৰে প্ৰশ্নৰ অৱতাৰণা কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ শইকীয়াৰ দাবী— আজিলৈকে CBIলৈ চৰকাৰে চিঠিয়ে লিখা নাই । চৰকাৰে ৰাইজক আভুৱাভাঁৰিবলৈ ঘোষণাহে কৰিলে ৷

তদন্তৰ আওতালৈ নগাঁৱৰ তদানীন্তন আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষকক আনিব লাগে বুলিও যুক্তি দিলে বিৰোধী দলপতিয়ে ৷

ইয়াৰ লগতে ৰাইজৰ ধন আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়া আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে গোপনে তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে দেৱব্ৰত শইকীয়াই ৷ শইকীয়াৰ দাবী— ৰাইজৰ ধনৰে সম্পত্তিৰ পাহাৰ গঢ়া বিষয়াসকলৰ সম্পত্তি জব্দ কৰিব লাগে ৷

শেহতীয়া বাতৰি