• Home
  • »
  • News
  • »
  • assam
  • »
  • Pijush Hazarika: 'চকুত কাঠৰ চশমা পিন্ধি ফুৰে দেৱব্ৰত শ‌‌ইকীয়াই, সেয়ে কিছুমান বেয়া কাম চকুৰে নেদেখে'

Pijush Hazarika: 'চকুত কাঠৰ চশমা পিন্ধি ফুৰে দেৱব্ৰত শ‌‌ইকীয়াই, সেয়ে কিছুমান বেয়া কাম চকুৰে নেদেখে'

বটদ্ৰৱা ঘটনা সন্দৰ্ভত দেব্ৰবত শ‌‌ইকীয়া  আজি নগাঁৱত আৰক্ষীক দোষাৰোপ কৰি মন্তব্য কৰিছিল।

বটদ্ৰৱা ঘটনা সন্দৰ্ভত দেব্ৰবত শ‌‌ইকীয়া  আজি নগাঁৱত আৰক্ষীক দোষাৰোপ কৰি মন্তব্য কৰিছিল।

বটদ্ৰৱা ঘটনা সন্দৰ্ভত দেব্ৰবত শ‌‌ইকীয়া  আজি নগাঁৱত আৰক্ষীক দোষাৰোপ কৰি মন্তব্য কৰিছিল।

  • Share this:
দেৱব্ৰত শ‌‌ইকীয়া (Debabrat Saikia)ৰ দৰে মানুহে কিছুমান বেয়া কাম চকুৰে নেদেখা হৈ যায়, সেই সময়ত চকুত কাঠৰ চশমা পিন্ধে, চকুত কেটেৰেক্ট পৰে। এচাম  ডকাইত-চোৰক তেওঁলোকে সমৰ্থন কৰে আৰু সেইবাবেই অসমৰ ৰাইজে অসমৰ পৰা খেদিছে । এইদৰে বিৰোধী দলপতি দেৱব্ৰত শ‌‌ইকীয়াক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী পীয়ুষ হাজৰিকা (Pijush Hazarika)ই।

বটদ্ৰৱা থানা আক্ৰমণ ঘটনা (Batadrawa Police Station Burnt) সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই দেৱব্ৰত শ‌‌ইকীয়াক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয়, "এচাম মানুহক তেওঁলোকে তুষ্টিকৰণ কৰা বাহিৰে একো বুজি নাপায়। সেই চাম মানুহে যেতিয়া বেয়া কামত লিপ্ত হৈ পৰে তেতিয়া তেওঁলোক চকুৰে নেদেখা হৈ যায়, চকুত কাঠৰ চশমা পিন্ধে, চকুত কেটেৰেক্ট পৰে। এচাম  ডকাইত-চোৰক তেওঁলোকে সমৰ্থন কৰে আৰু সেইবাবেই অসমৰ ৰাইজে অসমৰ পৰা খেদিছে।"

উল্লেখ্য যে বটদ্ৰৱা ঘটনা (Batadrawa Incident) সন্দৰ্ভত দেব্ৰবত শ‌‌ইকীয়া  আজি নগাঁৱত আৰক্ষীক দোষাৰোপ কৰি মন্তব্য কৰিছিল।

মন্ত্ৰী পীযুষে লগতে কয়, "বটদ্ৰৱাৰ ঘটনা অসমত থানা আক্ৰৰমণৰ শেষ ঘটনা হ'ব। এনে ঘটনা দ্বিতীয়বাৰ  কেতিয়াও হ'ব নিদিওঁ। দোষীক কঠোৰ হাতেৰে দমন কৰা হ'ব।"

উল্লেখ্য যে নগাঁও (Nagaon) সদৰ সমষ্টিৰ দক্ষিণপাট গাঁও পঞ্চায়তৰ বৰক'লা আৰু তুলসী দেওৰী পঞ্চায়তৰ বানবিধ্বস্ত অঞ্চল (Flood Affected Area)পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। এই সময়ত লগত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি