মুখ্যমন্ত্ৰী ড° শৰ্মাই কৈছিল- “গাখীৰ দিয়া গৰুক দানা খোৱাবনে গাখীৰ নোখোৱা গৰুক দানা খোৱাব? কংগ্ৰেছ আৰু AIUDFৰ গৰুক দানা খোৱালেও গাখীৰ নিদিয়ে ৷ কিন্তু আমাৰ BJPৰ গৰুৱে দৈনিক ২৬ লিটাৰকৈ গাখীৰ দিয়ে ৷”
মুখ্যমন্ত্ৰী ড° শৰ্মাই কৈছিল- “গাখীৰ দিয়া গৰুক দানা খোৱাবনে গাখীৰ নোখোৱা গৰুক দানা খোৱাব? কংগ্ৰেছ আৰু AIUDFৰ গৰুক দানা খোৱালেও গাখীৰ নিদিয়ে ৷ কিন্তু আমাৰ BJPৰ গৰুৱে দৈনিক ২৬ লিটাৰকৈ গাখীৰ দিয়ে ৷”
ৰাজ্যৰ ৰাজনীতিত কোন দলে গাখীৰ দিয়ে? দানা খোৱালেও বিৰোধী দলে গাখীৰ দিব নোৱাৰে বুলি উপ নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছিল ৷ ইয়াৰ পিছতে উপ নিৰ্বাচনৰ আগদিনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই BJPৰ সভাপতি ভৱেশ কলিতা আৰু UPPLৰ সভাপতি প্ৰমোদ বড়োলৈ প্ৰেৰণ কৰিলে চাৰি কেজিকৈ উন্নত প্ৰজাতিৰ ঘাঁহৰ বীজ ৷ যি ঘাঁহ খাই বেছিকৈ গাখীৰ দিব পাৰিব BJP আৰু UPPLয়ে বুলি দাবী কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড° শৰ্মাই কৈছিল- “গাখীৰ দিয়া গৰুক দানা খোৱাবনে গাখীৰ নোখোৱা গৰুক দানা খোৱাব? কংগ্ৰেছ আৰু AIUDFৰ গৰুক দানা খোৱালেও গাখীৰ নিদিয়ে ৷ কিন্তু আমাৰ BJPৰ গৰুৱে দৈনিক ২৬ লিটাৰকৈ গাখীৰ দিয়ে ৷”
পাঁচ সমষ্টিৰ উপ নিৰ্বাচনত বহুকেইটা খুহুতীয়া বাক্য বাণেৰে বিৰোধীক কটাক্ষ কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ ভিতৰত অন্যতম হ'ল- গাখীৰ কোন দলৰ গৰুৱে কিমান দিয়ে?
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই গাখীৰৰ ৰাজনীতি কৰাৰ পিছত শুকুৰবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গাখীৰৰ বাবে ঘাঁহ প্ৰেৰণ কৰিলে শাসকীয় BJP-UPPLলৈ ৷ দেৱব্ৰত শইকীয়াই ক'লে- “BJPৰ সভাপতি ভৱেশ কলিতালৈ চাৰি কেজি ওজনৰ ঘাঁহৰ বীজ আৰু UPPLৰ সভাপতি প্ৰমোদ বড়োলৈও চাৰি কেজি ওজনৰ ঘাঁহৰ বীজ পঠিয়ালো আজি৷”
শাসকীয় BJP-UPPLৰ সভাপতি লৈ চাৰি কেজিকৈ উন্নত প্ৰজাতিৰ বীজ আমাজ'নৰ পৰা ক্ৰয় কৰি পঠিয়াই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে- “ঘাঁহ খাই বেছিকৈ গাখীৰ দিয়ক ৷ নিজে খাই ৰৈ যোৱা গাখীৰ দিয়ক ৰাইজক ৷ BJP চৰকাৰে ৰাইজক পাঁচ কেজিকৈ বিনামূলীয়া চাউল দিছে ৷ এতিয়া উৎপাদিত গাখীৰ ৰাইজক বিলাই দিয়ক আৰু ৰাইজে বিনামূলীয়া চাউলৰে BJPয়ে দিয়া গাখীৰৰ সৈতে পায়স বনাই খাওক ৷”
এয়াই হ'ল উপ-নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিত মুখ্যমন্ত্ৰীয়ে দিয়া গাখীৰৰ নতুন মাত্ৰা আৰু শেষত বিৰোধী দলপতিয়ে যোগান ধৰা উন্নত প্ৰজাতিৰ ঘাঁহৰ বীজ ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|