অসমৰ ল'ৰা কি অসমলৈ বিয়া খাবলৈ আহিব নেকি? স্বাস্থ্যমন্ত্ৰীক উভতি ধৰিলে বিৰোধী দলপতিয়ে

News18 Assam | News18-Assam
Updated:May 23, 2020, 5:29 PM IST
অসমৰ ল'ৰা কি অসমলৈ বিয়া খাবলৈ আহিব নেকি? স্বাস্থ্যমন্ত্ৰীক উভতি ধৰিলে বিৰোধী দলপতিয়ে
‘আমি কি ইয়াত বিয়া-সভা পাতিছো’- এইদৰে মন্তব্য কৰিছিল স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

‘আমি কি ইয়াত বিয়া-সভা পাতিছো’- এইদৰে মন্তব্য কৰিছিল স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

  • Share this:
‘আমি কি ইয়াত বিয়া-সভা পাতিছো’- এইদৰে মন্তব্য কৰিছিল স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ স্বাস্থ্যমন্ত্ৰী ডঃ শৰ্মাই শুকুৰবাৰে বহিঃ ৰাজ্যৰ পৰা স্ব-গৃহলৈ উভতি আহিব বিচৰা লোক সকলক উদ্দেশ্যি কোৱা "আমি কাকো বিয়া-সভালৈ নিমন্ত্ৰণ কৰা নাই" মন্তব্যৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

বিৰোধী দলপতি শইকীয়াই ডঃ শৰ্মাই কৰা মন্তব্যৰ সন্দৰ্ভত ক'লে, “যিসকল লোকে নিজৰ ৰাজ্যত কৰ্মসংস্থাপন নেপাই বহিঃৰাজ্যলৈ যাবলগীয়া হৈছে, তেওঁলোকে চৰকাৰৰ বিপক্ষে সংস্থাপন দিব নোৱাৰাৰ বাবে ধৰ্ণা বা আন্দোলন কৰা নাই, মাত্ৰ বিপদৰ সময়ত নিজ ৰাজ্যলৈহে আহিব বিচাৰিছে। তেওঁলোকৰ সন্দৰ্ভত এনে মন্তব্য কৰাতো অতি দুৰ্ভাগ্যজনক।

“স্বাস্থ্যমন্ত্ৰীৰ এই মন্তব্যৰ জৰিয়তে স্বাস্থ্য বিভাগৰ প্ৰস্তুতিৰ ফোপোলা ছবিখনো ৰাইজৰ আগত উন্মুক্ত হৈ গ'ল। যথাযথ প্ৰস্তুতি নাই বাবেই স্বাস্থ্য মন্ত্ৰীয়ে এনেধৰণৰ মন্তব্য দিবলৈ বাধ্য হৈছে যেন মোৰ অনুভৱ হৈছে। এটা দশকতকৈও অধিক সময় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মন্ত্ৰী এজনে ৰাজ্যৰ এক বিপৰ্যয়ৰ সময়ত ৰাজ্যৰ প্ৰতিজন জনতাক মনোবল তথা যথাযথ সকাহ দিবলৈ সক্ষম নোহোৱাটো দুৰ্ভাগ্যজনক।’ এনেদৰে ক'লে বিৰোধী দলপতিয়ে ৷

ইপিনে কোৰোণাত আক্ৰান্ত লোক থকা চিকিৎসালয়ত ছাফাই কৰ্মীৰ অভাৱ ঘটা বুলি স্বাস্থ্য মন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ শইকীয়াই ক'লে, ‘স্বাস্থ্যমন্ত্ৰীয়ে চাফ-চিকুণৰ বিষয়ে কৰা মন্তব্যই স্বাস্থ্য বিভাগত হৈ থকা বেমেজালিকে উদঙাই দিছে। ছাফাই কৰ্মীসকলক আজি লাগতীয়াল সঁজুলি যোগান ধৰিব পাৰিলে তেওঁলোকেও নিশ্চয় নিজৰ কামত বৰ্তি হ'লহেঁতেন ৷’

স্বাস্থ্যমন্ত্ৰীয়ে যদি স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চাফ-চিকুণৰ বাবে লাগতীয়াল সঁজুলি কংগ্ৰেছক যোগান ধৰে, তেন্তে কংগ্ৰেছ কৰ্মীয়ে ছাফাইৰ কামত আগভাগ ল'বলৈ সাজু আছে বুলিও সদৰি কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading