মানসিক হতাশা নে আন কিবা? ভেলেণ্টাইন ডে’ৰ দিনাই ভাইৰেল ন–বোৱাৰী মাৰ্চি বৰাৰ মৃতদেহ উদ্ধাৰ

News18 Assam | News18-Assam
Updated:February 15, 2020, 9:21 AM IST
মানসিক হতাশা নে আন কিবা? ভেলেণ্টাইন ডে’ৰ দিনাই ভাইৰেল ন–বোৱাৰী মাৰ্চি বৰাৰ মৃতদেহ উদ্ধাৰ
মাত্ৰ দুমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল মাৰ্চি বৰা।

মাত্ৰ দুমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল মাৰ্চি বৰা।

  • Share this:
মাত্ৰ দুমাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল মৰমলগা মাৰ্চি বৰা। নিজৰ বিয়াত সুন্দৰ নৃত্যৰে সকলোকে আপ্লুত কৰা ন–বোৱাৰী মাৰ্চি বৰাৰ মৃতদেহ উদ্ধাৰ হৈছে শোৱনীকোঠাত। গাৰ পৰা মাহ–হালধীৰ গোন্ধ নাযাওঁতেই জীৱনৰ মোহ কিয় ত্যাগ কৰিলে কম বয়সীয়া বোৱাৰীগৰাকীয়ে তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰেমৰ দিৱসৰ দিনাই জীৱনৰ পৰা চিৰবিদায় লোৱা ন–বোৱাৰীগৰাকীৰ মৃত্যুত হতভম্ব হাওৰাঘাটৰ কামপুৰীয়া গাঁৱবাসী।

কেনেকৈ উদ্ধাৰ হ’ল মৃতদেহ?
শুকুৰবাৰে ভিতৰৰ পৰা বন্ধ নিজৰ শোৱনি কোঠাত উদ্ধাৰ কৰা হয় মাৰ্চিৰ মৃতদেহ। ডিঙিত চূৰ্ণীজাতীয় কাপোৰেৰে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ মাৰ্চিৰ মৃতদেহ। শৈশৱৰ প্ৰেম সূত্ৰে বিবাহপাশত আৱদ্ধ হোৱা মাৰ্চি বিয়াৰ দিনালৈকে অত্যন্ত আনন্দত থকা সকলোৱে প্ৰত্যক্ষ কৰিছিল। বন্ধুবৰ্গৰ আগতো মাৰ্চিয়ে কৈছিল, তাই বহুত সুখী! হঠাৎ সেইজনী মাৰ্চিয়েই জীৱনৰ মায়া–মোহ এৰা প্ৰসংগক সহজভাৱে ল’ব পৰা নাই পৰিজনে।

ক’ত আছে স্বামী প্ৰণৱ বৰা?
চাকৰিৰ প্ৰশিক্ষণসূত্ৰে সম্প্ৰতি মুম্বাইত থকা স্বামী প্ৰণৱ বৰাই সন্ধিয়া বাৰম্বাৰ ফোন কৰি থকাৰ পিছতো ফোন ৰিচিভ নকৰাত মাৰ্চি বৰাৰ সৰু দেওৰেক অৰূপ বৰাক ফোন কৰি নবৌ মাৰ্চিক ফোন ৰিচিভ কৰিবলৈ দিছিল স্বামী প্ৰণৱে। পিছে সৰু দেওৰেক অৰূপে প্ৰথম উদ্ধাৰ কৰে নবৌ মাৰ্চিৰ চীপ লোৱা মৃতদেহ। লগে লগে হুৱা-দুৱা লাগে ঘৰখনত।

বহুগুণৰ অধিকাৰী মাৰ্চিয়ে নিজৰেই শুভ-বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত নৃত্য কৰি সামাজিক মাধ্যমত অতি জনপ্ৰিয় হৈ পৰিছিল।

সৰ্বত্ৰ চাঞ্চল্য

ইতিমধ্যে মাৰ্চি বৰাৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে যাৱতীয় তদন্ত কৰিছে।  প্ৰাথমিক তদন্তত ডকমকা আৰক্ষীয়ে এয়া হতাশগ্ৰস্ততাত পৰি মাৰ্চিৰ আত্মহনন বুলি প্ৰকাশ কৰিছে ৷ কি কাৰণে মাৰ্চিয়ে এই বাট বাছি ল’লে সেয়া এতিয়াও পৰিষ্কাৰকৈ জানিব পৰা হোৱা নাই। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে মাৰ্চি বৰাৰ মৃতদেহ।

(হাওৰাঘাটৰ পৰা গৌতম সূত্ৰধৰৰ প্ৰতিবেদন)
আৰু চাওক
পৰৱৰ্তী বাতৰি