মুখ্যপৃষ্ঠা »খবৰ »অসম »Sipajhar Eviction: ছিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদ কাণ্ডত মৃতকৰ সংখ্যা ২ গৰাকীলৈ বৃদ্ধি

Sipajhar Eviction: ছিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদ কাণ্ডত মৃতকৰ সংখ্যা ২ গৰাকীলৈ বৃদ্ধি

মুখ্যমন্ত্ৰীয়ে এই ঘটনাক লৈ এক ন্যায়িক তদন্ত ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰীয়ে এই ঘটনাক লৈ এক ন্যায়িক তদন্ত ঘোষণা কৰিছে।

  • Share this:

ছিপাঝাৰৰ গৰুখুঁটিত আজি উচ্ছেদ অভিযানক লৈ সংঘটিত উত্তপ্ত পৰিস্থিতিত মৃতকৰ সংখ্যা দুগৰাকীলৈ বৃদ্ধি পাইছে। গৰুখুঁটিত প্ৰতিবাদকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত দুগৰাকী অসামৰিক লোক মৃত্যুমুখত পৰে।


এই সন্দৰ্ভত ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে টুইটযোগে জানিবলৈ দিয়ে। উল্লেখ্য, এই সংঘৰ্ষত ইতিমধ্যে বহুকেইগৰাকী আৰক্ষীকে ধৰি অসামৰিক লোক আহত হৈছে। মুখ্যমন্ত্ৰীয়ে এই ঘটনাক লৈ এক ন্যায়িক তদন্ত ঘোষণা কৰিছে।





ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ বজাৰ এৰিয়া, পশ্চিম চুবা, ১নং ধলপুৰ আৰু ৩নং ধলপুৰত পৃথকে উচ্ছেদ অভিযান চলাই যদিও ১নং ধলপুৰ আৰু ৩নং ধলপুৰত পুৱাৰে পৰা উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি আছিল।

শেহতীয়া বাতৰি