বিজু কুমাৰ ডেকা: শেহতীয়াকৈ আলফা (স্বাধীন)ৰ ভিতৰ চ'ৰাৰ এক বাতৰিয়ে সৰ্বত্ৰে চাঞ্চল্যৰ সুচনা কৰিছে ৷ সেয়া হ'ল মৃত্যুদণ্ড ৷ পলাবলৈ চেষ্টা কৰাৰ অপৰাধত সংগঠনটোৱে বহুকেইজন সদস্যক চৰম শাস্তি হিচাপে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে ৷ এই বাতৰিৰ পিছতে শনিবাৰে নিজ স্থিতি স্পষ্ট কৰিছে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোৰ উপ সভাপতি তথা সেনাপ্ৰধান পৰেশ বৰুৱাই ৷ News18লৈ টেলিফোন কৰি পৰেশ বৰুৱাই এই বিতৰ্কিত বিষয়টোকলৈ কি কি ক'লে? তাৰে কিয়দাংশ তলত দিয়া হ'ল
NEWS18: আলফা (স্বাধীন)ত শেহতীয়াকৈ চৰম শাস্তি হিচাপে বহুকেইজন সদস্যক মৃত্যুদণ্ড দিয়াটো সচাঁনে ?পৰেশ বৰুৱা: এয়া সংগঠনৰ বিষয় ৷ আলফা (স্বাধীন)ৰ সংবিধানৰ বিষয় ৷ উত্থাপিত বিষয়টো সচাঁ ৷ কিন্ত, একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ দৰে কথাবোৰ নহয় ৷ আমাৰ মাজত কোনো ভ্ৰাতৃঘাতী সংঘাট হোৱা নাই ৷ ভ্ৰাতৃঘাতী সংঘাট হোৱাৰ কোনো অৱকাশেই নাই আলফা (স্বাধীন)ত ৷ সম্পূৰ্ণ বিধিমতে, সংবিধান মতে চলা সংগঠন আলফা (স্বাধীন) ৷ আমাৰ কথা ভালকৈ নজনাকৈ একাংশই একপক্ষীয়ভাৱে বাতৰি সম্প্ৰচাৰ কৰাতো দুৰ্ভাগ্যজনক ৷
NEWS18:
কিন্ত কি অপৰাধত নিজ সংগঠনৰ সদস্যকেই আলফা (স্বাধীন) চৰম শাস্তি হিচাপে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে? ইমান অক্ষমণীয় নে এই অপৰাধ?পৰেশ বৰুৱা: অক্ষমণীয় অপৰাধ কাৰণেইতো চৰম শাস্তি বিহা হৈছে ৷ কাৰো কথাত বা কাৰো নিৰ্দেশত এই চৰম শাস্তি বিহা হোৱা নাই ৷ এয়া আলফা (স্বাধীন)ৰ সংবিধান মতে হোৱা বিষয় ৷ সংগঠনত সংবিধানৰ উৰ্দ্ধত কোনো নহয় ৷
NEWS18:
কি অপৰাধত সদস্যকেইজনক মৃত্যুদণ্ড দিয়া হ'ল?পৰেশ বৰুৱা: আমাৰ সংবিধান মতে অস্ত্ৰলৈ পলায়ন কৰিলে চৰম শাস্তি দিয়া হয় ৷ সংগঠনত অস্ত্ৰ সংগ্ৰহ কৰাতো সকলোতকৈ কঠিন কাম ৷ তাতে কোনোবাই অস্ত্ৰলৈ পলায়ন কৰিব আৰু সংগঠনে মৌন হৈ বহি থাকিব? সেয়া সংগঠনৰ নীতি বৰ্হিভূত বিষয় ৷ সেয়ে সংবিধানে চৰম শাস্তিৰ কথা কৈছে ৷ লগতে সংগঠনৰ শত্ৰুক যিয়ে সংগঠনৰ মজিয়াৰ পৰা গোপন বাৰ্তা যোগান ধৰে, সেই সদস্যক চৰম শাস্তি বিহাৰ বিধি আছে ৷ এই আটাইকেইটাতে জড়িত আছিল সেইকেইজন সদস্য ৷ শত্ৰুক সংগঠনৰ গোপন খবৰ যোগান ধৰিছিল ৷ লগতে সংগঠনৰ অস্ত্ৰলৈ পলায়ন কৰিছিল ৷ অস্ত্ৰলৈ পলায়ন কৰোতে ধৰা পৰিছিল আৰু সংগঠনৰ আদালতত চলা বিচাৰ প্ৰক্ৰিয়াত দোষী সাব্যস্ত হোৱাত চৰম শাস্তি বিহা হয় ৷
NEWS18:
এই পৰ্যন্ত কিমানজনক চৰম শাস্তি হিচাপে মৃত্যুদণ্ড দিয়া হৈছে?পৰেশ বৰুৱা: এয়া চলি থকা বিষয় ৷ ২০১২-১৩ৰ পৰা বহুকেইজনে চৰম শাস্তি লাভ কৰিছে ৷ সংবিধান ভংগ কৰিলে সংবিধান মতে যি শাস্তি পাব লাগে সকলোৱে পাব ৷ ইয়াৰ উৰ্দ্ধত কোনো নহয় ৷ ২০১২ত আৰক্ষী-চোৰাংচোৱাৰ হৈ কাম কৰা আৰু সংগঠনৰ অস্ত্ৰলৈ পলায়ন কৰাক বিষয়া-সদস্যক চৰম শাস্তি দিয়া হৈছিল ৷ সেই কথা সকলোৱে জানে ৷ আমি এইসকলৰ নাম প্ৰকাশ নকৰো ৷ সংগঠনৰ হৈ মৃত্যুবৰণ কৰা সকলক আমি পৰম শ্ৰদ্ধাৰে সোৱৰণ কৰো আৰু অমৰ মৃতক হিচাপে ঘোষণা কৰো ৷ কিন্ত যি অপৰাধী, যাক সংবিধান মতে শাস্তি দিয়া হয়, সেইসকলৰ কথা আমি পৰিয়ালকো নজনাও ৷
NEWS18:
ম্যানমাৰৰত সেনাৰ আক্ৰমণৰ পিছতেই বহু সদস্যই পলায়ন কৰি আহি আত্মসমৰ্পণ কৰিছে ৷ আপোনালোকৰ অৱস্থা এতিয়া তথৈৱচ নেকি?পৰেশ বৰুৱা: এনে ঘটনা-পৰিঘটনা সশস্ত্ৰ বিপ্লৱত থাকেই ৷ এয়া নতুন কথা নহয় ৷ ধান খেতি কৰিলে ধানো ওলায়, পতানো ওলায় ৷ পতানবোৰ জাৰি-জোকাৰি পেলোৱাৰ হে কথা ৷ সংগঠনটো একেই ৷ কামত নহা, শত্ৰুৰ দ্বাৰা প্ৰেৰিত, শত্ৰুৰ দ্বাৰা পৰিচালিত হোৱা বোৰক আঁতৰাই দিবই লাগিব ৷ বাকী কম ধতোৱাবোৰ গুচি যোৱাত আমাৰ ভালেই হৈছে ৷ জাতিৰ কাৰণে কাম কৰিম বুলি অহা সকলে অলপ কষ্টতে যি পলায়, সেয়া সংগঠনৰ বাবে অযোগ্য ৷ তেনে সদস্য সংগঠনত নথকাই ভাল ৷
Published by: Dulu Medhi
FIRST PUBLISHED : April 27, 2019, 13:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।