শ্বেতা আগৰৱালাৰ হত্যাকাৰী গোবিন্দ সিংঘালক ফাঁচী, মাতৃ–ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ড

ৰায়দানক আদৰণি।

News18-Assam
Updated:August 3, 2019, 3:35 PM IST
শ্বেতা আগৰৱালাৰ হত্যাকাৰী গোবিন্দ সিংঘালক ফাঁচী, মাতৃ–ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ড
ৰায়দানক আদৰণি।
News18-Assam
Updated: August 3, 2019, 3:35 PM IST
শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালক ফাঁচী। গোবিন্দৰ মাতৃ–ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই ৰায়দান দিছে। ২০১৭চনৰ ৪ ডিচেম্বৰত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক হত্যা কৰিছিল ভণ্ড প্ৰেমিক গোবিন্দ সিংঘালে, সহযোগ কৰিছিল মাতৃ আৰু ভগ্নীয়ে।

অৱশেষত ন্যায় লাভ কৰিলে মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ পৰিয়ালে । ২০১৫ চনত ৰাজ্যৰ ভিতৰতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত স্থান লাভ কৰা শ্বেতা আগৰৱালাক অতি নৃশংসভাৱে হত্যা কৰিছিল ভণ্ড প্ৰেমিক গোবিন্দ সিংঘালে । এই নৃশংস হত্যাকাণ্ডত পুত্ৰক সৰ্বতোপ্ৰকাৰে সহায় কৰিছিল মাতৃ কমলা দেৱী সিংঘাল আৰু ভগ্নী ভৱানী দেৱী সিংঘালে । ২০১৭চন ৰ ৪ডিচেম্বৰত সংঘটিত এই নৃশংস হত্যাকাণ্ডৰ ১৯মাহৰ পিছতে ন্যায় পালে শ্বেতাৰ পৰিয়ালে ।


গোবিন্দ সিংঘালৰ এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ নাই


উল্লেখ্য যে, শ্বেতাক কিমান নৃশংসতাৰে হত্যা কৰা হৈছিল তাৰ প্ৰমাণ মৃতদেহত পোৱা ১৩টাকৈ কটা চিহ্নৰ পৰা পাব পাৰি । তদুপৰি জীৱন্ত অৱস্থাতে শ্বেতাক জ্বলাই দিয়াৰো তথ্য লাভ কৰিছিল আৰক্ষীয়ে ।

Loading...
-->
এই ঐতিহাসিক ৰায়দানৰ পিছত আদালত চৌহদত এক আৱেগিক পৰিবেশত শ্বেতাৰ পিতৃয়ে কয় অজান দেশত থকা শ্বেতাৰ আত্মাই আজি শান্তি লাভ কৰিলে । আদালতত এই ৰায়দানৰ সময়ত উপস্থিত আছিল শ্বেতাৰ পিতৃ ,মাতৃ কে ধৰি বহু আত্মীয় । মাতৃৰ চকুতো আছিল চকুপানী । এই ৰায়দান এক ঐতিহাসিক ৰায়দান বুলি বিবেচিত হৈছে । ইয়াৰ বিপৰীতে আচামী পক্ষৰ অধিবক্তাই নিম্ন আদালতৰ এই ৰায়দানৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি জনায় ।
আৰু চাওক পৰৱৰ্তী বাতৰি