তিতাবৰৰ খৰিকটীয়া চাহ বাগিচাৰ মাজেৰে যোৱা ৰে'লপথত যোৱা ৯ অক্টোবৰৰ নিশা ৰে'লৰ খুন্দাত পোৱালিসহ তিনিটাকৈ বন্যহস্তীয়ে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া ঘটনাৰ সন্দৰ্ভত NEWS 18 ৰ অনুসন্ধানত পোহৰলৈ আহিছে বহু গোপন তথ্য।
এই অনুসন্ধানত পোহৰলৈ আহিছে গিৱন অভয়াৰণ্যৰ হাতীৰ জাকক লৈ ৰে'ল বিভাগ আৰু বন বিভাগে প্ৰদৰ্শন কৰি অহা দায়িত্বজ্ঞানহীনতা। ৰে'ল বিভাগ আৰু বন বিভাগৰ প্ৰয়োজনীয় সংযোগহীনতাৰ বাবেই তিনিটাক বন্যহস্তীয়ে যে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, সেই বিষয়ে স্পষ্ট হৈ পৰিছে।
উল্লেখ্য যে ৯ অক্টোবৰৰ নিশা তীব্ৰ বেগী নামনি মুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মাতৃসহ এটা পোৱালি হাতীয়ে ঘটনাস্থলীতে মৃত্যুক সাৱটি ল'বলগীয়া হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজনী হাতী চিকিৎসাধীন অৱস্থাত গিৱন অভয়াৰণ্যত মৃত্যু হৈছিল।
এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল খৰিকটীয়া চাহ বাগিচাৰ মাজেৰে যোৱা ৰে'লপথৰ ST 90 C নম্বৰৰ ৰে'ল গেটৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত। এই ৰে'ল গেটখনত আছিল বন্যহস্তী ৰে'লপথৰ পৰা আঁতৰাবলৈ প্ৰয়োগ কৰা ৰে'ল বিভাগে স্থাপন কৰা মৌ মাখিৰ শব্দ উলিওৱা এটা বিশেষ যন্ত্ৰ। উল্লেখ যে মৌ মাখি বাঁহ থকা স্থানত নাথাকে বন্য হস্তী। ৰে'ল বিভাগৰ এই শব্দ যন্ত্ৰটোৰ দ্বাৰা ৰেকৰ্ড কৰি থোৱা মৌমাখিৰ শব্দ বজালে বন্যহস্তী আঁতৰি যায় ৰে'ল পথৰ পৰা। কিন্তু ঘটনা সংঘটিত হোৱাৰ দিনা ৰে'ল বিভাগৰ এই যন্ত্ৰটো বিকল হৈ থকাৰ বাবে বজাব নোৱাৰিলে কৰ্তব্যত থকা গেট মেনজনে।
লক্ষণীয়ভাৱে ঘটনা সংঘটিত হোৱাৰ ৬ দিন উকলি যোৱাৰ পিছতো বৰ্তমানেও শব্দ যন্ত্ৰটো বিকল হৈ আছে। শব্দ যন্ত্ৰটো কাৰ্যক্ষম কৰি তুলিবলৈ আহৰি হোৱা নাই বিয়াগোম ৰে'ল বিভাগৰ। মৌ মাখিৰ শব্দ ওলোৱা শব্দ যন্ত্ৰ গিৱন অভয়াৰণ্যৰ পৰা তিতাবৰ পৰ্যন্ত থকা হস্তী দণ্ডীৰ সমীপত থকা ৰে'ল গেটসমূহত স্থাপন কৰি থোৱা আছে।
আনহাতে NEWS 18ৰ অনুসন্ধানত পোহৰলৈ অহা আন এক তথ্য অনুসৰি উক্ত ঘটনাৰ দিনা বন বিভাগে বন্য হস্তী ৰে'ল লাইনৰ ওপৰে পাৰ হোৱাৰ বিষয়ে মেচেজ যোগে ST 90 C নম্বৰৰ ৰে'ল গেটৰ নিশা কৰ্তব্যৰত গাৰ্ডজনক অৱগত কৰিছিল যদিও ৰে'ল কৰ্মচাৰীগৰাকীয়ে ৰে'ল কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পৰা বিৰত আছিল। কাৰণ ৰে'লৰ গতিবেগ কমাবলৈ বা ৰখাবলৈ হ'লে বিভাগীয় নিয়ম অনুসৰি ৰে'ল কৰ্মচাৰী গৰাকীয়ে ৰে'ল পথত অৱস্থান কৰি থকা বন্যহস্তীৰ ফটো সংগ্ৰহ কৰি প্ৰেৰণ কৰিব লাগে।
কিন্তু নিশা এই কাৰ্য বিপদজনক হোৱা বাবেই এনে কাৰ্যৰ পৰা বিৰত আছিল ৰে'ল গেটৰ কৰ্মচাৰী জন।ফলত ৰে'ল পথত বন্যহস্তী অৱস্থানৰ বিষয়ে নিশ্চত নাছিল নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ চালক। যাৰ পৰিণতিত তীব্ৰ গতিত হাতীৰ জাকটোক খুন্দা মাৰিছিল ৰাজধানী এক্সপ্ৰেছখনে।ইয়াৰোপৰি বন বিভাগৰ হেমাহিৰো বহু তথ্য পোহৰলৈ আহিছে NEWS 18 ৰ অনুসন্ধানত।হস্তীদণ্ডীত নিযুক্ত পহৰাদাৰক প্ৰাপ্য পাৰিতোষিক বন বিভাগে প্ৰদান নকৰা বাবে উক্ত ঘটনাৰ দিনা হস্তী দণ্ডীত নাছিল এজনো স্থানীয় পহৰাদাৰ।ইয়ো ঘটনাৰ অন্যতম কাৰণ ৰূপে বিবেচিত হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|