প্ৰকৃততে কেনেকৈ মৃত্যু হ'ল দুই ভাতৃ ভগ্নী ৰ'ছ চাংমা আৰু চেমুএল চাংমা সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
প্ৰকৃততে কেনেকৈ মৃত্যু হ'ল দুই ভাতৃ ভগ্নী ৰ'ছ চাংমা আৰু চেমুএল চাংমা সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
অসমৰ দুই ভাতৃ-ভগ্নীৰ ৰহস্যজনক মৃত্যুৱে তোলপাৰ লগাইছে অসমৰ কাৰ্বি আংলং জিলাত। কাৰ্বি আংলংৰ টিংলিজানৰ বাসিন্দা ৰ'জ চাংমা (Rose Sangma) আৰু চেমুৱেল চাংমা (Samuel Sangma)ৰ দিল্লী (Delhi)ত ৰহস্যজনক ভাৱে মৃত্যু হয়। ৰ'জ চাংমা দিল্লীৰ এয়াৰপোৰ্টৰ কেবিন ক্ৰিউ হিচাপে কৰ্মৰত আছিল। আনহাতে চেমুৱেল চাংমা কল চেণ্টাৰত কৰ্মৰত আছিল।
ঘটনা অনুসৰি হাৰিয়ানা (Haryana)ৰ আলফা হাস্পতালত ৰ'জ চাংমাই ভৰিৰ বিষৰ বাবে ভৰ্তি হৈছিল। পৰিয়ালৰ ভাষ্য মতে ৰ'জ চাংমাক ICUত ভৰ্তি কৰাই ডঃ বিষ্ণই ICUৰ ভিতৰতে আইচক্ৰীম খুৱাই দিয়ে। তাৰ পিছতে ৰ'জৰ মুখেৰে ফেন ওলাব ধৰে। এই সমগ্ৰ দৃশ্য ভতিজাক চেমুৱেল চাংমাই মোবাইলত ৰেকৰ্ড কৰি আছিল। যাৰ বাবে চেমুৱেলক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ তুলিছে চিকিৎসকৰ বিৰুদ্ধে।
প্ৰকৃততে কেনেকৈ মৃত্যু হ'ল দুই ভাতৃ ভগ্নী ৰ'জ চাংমা আৰু চেমুৱেল চাংমাৰ সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। দোষীৰ বিচাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ হাতত মমবাটি লৈ প্ৰতিবাদ সাব্যস্ত কৰে গাঁওবাসীয়ে।
ইপিনে লোকসভাৰ সাংসদ আগাথা চাংমা (Agatha Sangma)ই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah)লৈ পত্ৰ লিখি ৰ'জ চাংমা আৰু চেমুৱেল চাংমাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰাৰ বাবে আহ্বান জনাইছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|